বিশেষশীৰ্ষস্বাস্থ্য

অমিতাৰ স্বাস্থ্য উপকাৰিতা

বেদান্ত_বৰুৱা

অমিতা স্বাস্থ্যবৰ্ধক ও পুষ্টিকৰ ফল বা পাচলি।
কেঁচা বা পকা দুয়োবিধেই শৰীৰৰ কাৰণে উপকাৰী
অমিতাত ভিটামিন এ,
ভিটামিন বি, ভিটামিন-চি ,পানী, প্ৰ’টিন,কাৰ্ব’হাইড্ৰেট, কেলচিয়াম, আইৰণ,শৰ্কৰা, এনজাইম ইত্যাদি পোৱা যায়।
আহকচোন আজি অমিতাৰ ঔষধি গুণৰ বিষয়ে জানো…
১) গা ধুৱাৰ আগত আমিতাৰ ৰস চালৰ কলা কলা পৰা দাগত লগাই পাঁচ মিনিট মান ৰাখি ধুই দিয়ক। দাগ নোহোৱা হব।
২)ভিটামিন এ প্ৰচুৰ পৰিমাণে থকাৰ বাবে অমিতা খালে দৃষ্টি শক্তি বৃদ্ধি পায়।
৩)দৈনিক অমিতা আহাৰৰ লগত খালে মানুহৰ লিভাৰ সুস্থ থাকে।
৪)অমিতাই মানুহৰ হজম শক্তি বৃদ্ধি কৰে, পেট পৰিস্কাৰ কৰে আৰু গেছ ৰ অসুবিধা নোহোৱা কৰে।
৫)কেচুৱাৰ মাতৃয়ে অমিতা খোৱাটো ভাল।কিয়নো ই মাতৃ দুগ্ধ বৃদ্ধি কৰে।
৬)অমিতা খালে ৰক্তহীনতা দূৰ হয়।
৭)শৰীৰৰ অলাগতিয়াল চৰ্বি অমিতা খালে কমে।
৮)অমিতাৰ আঁঠা গৰম পানীত মিহলাই কুলকুলি কৰিলে টনচিলাইটিচ ৰ প্ৰবলেমত বহু আৰাম পোৱা যায়।
৯) অমিতাত যথেষ্ট কেলচিয়াম থকাৰ বাবে অমিতা খালে হাড় মজবুত হয় । অস্তিয়’পৰেচিচৰ দৰে হাড়ৰ ৰোগতো অমিতা খালে ভাল ফল পোৱা যায়।
১০) পকা অমিতা মৌ আৰু নেমুৰ ৰসৰ লগত মিহলাই গা,ডিঙি,হাত,ভৰি আৰু মুখত লগাই কিছুক্ষন ৰাখি ধুই দিয়ক। ই মানুহৰ স্কিনখন উজ্বল কৰাৰ লগতে বয়সৰ চাপো স্কিনত পৰিবলৈ নিদিয়ে।
১১)অমিতা খালে কোষ্ঠকাঠিন্যতা দূৰ হয়।
অমূল্য অমিতা দৈনিক খাওক আৰু সুস্থ থাকক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close