বিজ্ঞানবিশেষশীৰ্ষ

অভিনৱ জেকেট আৱিষ্কাৰ

দিনক দিনে বৃদ্ধি পাইছে নাৰী অপৰাধজনিত ঘটনা। এই ঘটনাসমূহ ৰােধ কৰিবলৈ যেন কিছু ক্ষেত্ৰত ব্যর্থ হৈছে আৰক্ষী প্রশাসনাে। সেয়ে এই ঘটনা ৰােধ কৰিবলৈ এইবাৰ চাৰিগৰাকী শিক্ষার্থীয়ে এটি অভিনৱ জেকেট উদ্ভাৱন কৰি উলিয়াইছে। শেহতীয়া তথ্য অনুসৰি মেক্সিকোৰ চাৰিগৰাকী শিক্ষার্থীয়ে এই জেকেটটো উদ্ভাৱন কৰিছে। এই জেকেটটো পৰিধান কৰি থকা অৱস্থাত যদি ব্যক্তিগৰাকীৰ ওপৰত আক্রমণ চলায় তেন্তে আক্রমণকাৰীৰ গাত বৈদ্যুতিক শ্বক অনুভূত হ’ব। এই জেকেটটোৰ নাম হ’ল ৱমেন ৱেৰাবেল। প্রকৌশল, আইন আৰু ৰবটিক্স বিভাগৰ চাৰিগৰাকী শিক্ষার্থীয়ে এই অভিনৱ জেকেটো আৱিষ্কাৰ কৰি উলিয়াইছে। তেওঁলােকে বর্তমান ইন্সটিটিউট অৱ টেকনলজি এণ্ড হায়াৰ এডুকেচনৰ ছাত্রী। শিক্ষার্থী কেইগৰাকীৰ ভাষ্য অনুসৰি বর্তমান চহৰত বৃদ্ধি পাইছে ধর্ষণ তথা যৌন আতিশয্যৰ ঘটনা। এই ঘটনাৰ প্রতি লক্ষ্য ৰাখিয়েই এই জেকেটবিধ আৱিষ্কাৰ কৰা হৈছে। এই জেকেটটোত ব্যৱহৃত বৈদ্যুতিক শ্বকৰ তীব্রতা কম হােৱাৰ বাবে ইয়াক কোনাে অস্ত্র হিচাপে গণ্য কৰা নহ’ব। কিন্তু নাৰী নির্যাতন ঘটনাসমূহ এই জেকেটে বহু পৰিমাণে ৰােধ কৰিব। বর্তমান জেকেটবিধ পৰীক্ষামূলক স্তৰত ৰখা হৈছে। এই অভিনৱ জেকেটটো ৯ ভল্টৰ বেটাৰি, এটা ট্রান্সফর্মাৰ আৰু কিছু বৈদ্যুতিক তাঁৰ সংযােগ কৰা হৈছে। এইসমূহ সামগ্রী অতি সুন্দৰকৈ সংযােজন কৰা হৈছে যিয়ে জেকেট পৰিহিত ব্যক্তিগৰাকীক নিৰাপদ কৰি ৰাখিব। বিদ্যুৎ প্রক্রিয়া প্রবাহিত কৰিবলৈ এক বিশেষ ছুইছৰ লগতে এটি এল ই ডি বা সংযােজন কৰা হৈছে। ৰবটিক্সৰ শিক্ষার্থী গিউৱান পার্ক চার্কিটে এই জেকেটৰ নক্সা নির্মাণ কৰিছিল। জেকেটৰ ভিতৰত এক বুটামৰ জৰিয়তেই বিদ্যুৎ প্রবাহিত হয়। আৰু লাইটো অন হলেই জেকেটটো কাৰ্যকৰী অৱস্থাত আছে বুলি জানিব পাৰি। এই অৱস্থাত যদি কোনােৱে জেকেটটোত হাত দিলেই গাত বৈদ্যুতিক শক লাগিব। কিন্তু এই জেকেটটো আইনগতভাৱে বৈধনে ? এনে প্রশ্নৰ উত্তৰত মন্তব্য আগবঢ়ায় যে, এই জেকেটটোৱে কোনাে আইন উলংঘন কৰা নাই। কাৰণ ই এটি ‘আত্মৰক্ষাৰ এটি হাতিয়াৰ’। ইয়াত বৈদ্যুতিক শ্বকৰ পৰিমাণ তেনেই কম। ফলত কোনাে লােকৰ জীৱনৰ প্রতি কোনাে ভাবুকি অহাৰ প্রশ্নই নুঠে। পৰীক্ষামূলকভাৱে এই জেকেটটি আৱিষ্কাৰ কৰিবলৈ সময়ৰ প্রয়ােজন হৈছে মাত্র তিনি মাহ। উদ্ভাৱক শিক্ষার্থীসকলে এই জেকেটটোক আৰু কিছু উন্নত কৰিব বিচাৰে। ইয়াত তেওঁলােকে চেন্সৰ লগাবলৈ বিচাৰে। জেকেটটোত হাতৰ উপৰি বাকী অংশতাে ইলেক্টড বহুৱাবলৈ বিচাৰে। কিন্তু ইয়াৰ বাবে লাগিব বুজন পৰিমাণৰ ধন। যদিহে এই প্রযুক্তিয়ে এক সফল পর্যায় পায় তেন্তে পৰৱৰ্তী সময়ত তেওঁলােকে অন্য কাম হাতত লােৱাৰ পদক্ষেপ গ্রহণ কৰিছে। ব্লাউজ, স্কার্ট আৰু ট্রাউজাৰৰ দৰে পােছাকসমূহতাে ইলেক্টড ব্যৱহাৰ কৰি নাৰী সমাজক সুৰক্ষা প্রদান কৰিব। প্রায় ৫০ ডলাৰ টকা ব্যয় কৰি উদ্ভাৱন কৰি উলিওৱা এই জেকেটটো বর্তমান তেওঁলােকে বিক্ৰীৰ সিদ্ধান্ত গ্রহণ কৰিছে। উল্লেখ্য যে, যিটো সময়ত চৰকাৰ বা আৰক্ষী প্রশাসনে নাৰী নির্যাতন ঘটনাসমূহৰ ওপৰত বিশেষ পদক্ষেপ গ্রহণ নকৰিলেও এই চাৰিগৰাকী শিক্ষার্থী প্রশংসনীয় পদক্ষেপে সকলােৰে দৃষ্টি আকর্ষণ কৰিছে। সকলােৱে এই জেকেটক আঁকোৱালি লৈছে। সকলােৱে আশা প্রকাশ কৰিছে যে। এই জেকেটটোৱে কিছু পৰিমাণে হলেও সমাজত সংঘটিত হােৱা এই ঘটনাসমূহক ৰােধ কৰাত যথেষ্ট সহায়ক হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close