Businessশীৰ্ষ

অপ্প’ৰে চুক্তিবদ্ধ বলিউডৰ তিনিগৰাকী তাৰকা

দেশৰ বজাৰত অপ্পৰ চাহিদা যথেষ্ট বেছি। এই জনপ্ৰিয়তা আৰু অধিক উন্নত কৰিবলৈ প্ৰতিস্থানটোৱে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। শেহতীয়াকৈ চীনৰ এই স্মাৰ্টফোন নিৰ্মাতা প্ৰতিস্থানটোৱে মুকলি কৰা ৰেন’ ছিৰিজৰ ‘ব্ৰেণ্ড আইকন’ হিচাপে চুক্তিবদ্ধ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰক। অন্যহাতে ‘ব্ৰেণ্ড ফ্রেণ্ডছ’ হিচাপে চুক্তি বদ্ধ কৰিছে কেটৰিনা কাঈফ আৰু বাদশ্বাহক। ভাৰতৰ বজাৰত অপ্প’ ৰেন’ ছিৰিজৰ বিভিন্ন প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব এই তিনিওগৰাকী তাৰকাই। ইতিমধ্যে এই তিনিগৰাকী তাৰকাক লৈ প্ৰস্তুত কৰা বিজ্ঞাপনসমূহ টেলিভিছনৰ লগতে ফেচবুক, ইউটিউব আদিৰ যোগেদি প্ৰচাৰ অভিযান চলোৱা হৈছে। প্ৰতিস্থানটোৰ মতে ইয়াৰ জনপ্ৰিয়তা পূৰ্বতকৈ দুগুণে বৃদ্ধি পাব বুলি আশাপ্ৰকাশ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close