অসমবিশেষশীৰ্ষ

অন্ধবিশ্বাসৰ বিৰুদ্ধে গীত-নাট-বক্তৃতাৰ মনোজ্ঞ অনুষ্ঠান

মফিদুল হক, বৰপেটা

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিদ্যা পৰিষদৰ সহযোগত আজি কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে বিশেষ সজাগতা অভিযান চলোৱা হয়। এই অভিযানৰ অংশ হিচাপে বৰপেটা চহৰৰ তিনিখন ঠাইত বাটৰ নাট অনুষ্ঠিত কৰাৰ লগতে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভাও অনুষ্ঠিত হয়। ভূপেন হাজৰিকাৰ প্ৰসিদ্ধ গীত “মানুহে মানুহৰ বাবে” শিৰোনামেৰে আয়োজিত অনুষ্ঠানটোত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই উদ্ধোধনী ভাষণ দি কয় যে অন্ধবিশ্বাস আৰু কুসংস্কাৰেই আমাৰ দেশৰ প্ৰগতিৰ প্ৰধান প্ৰতিবন্ধক। অন্ধবিশ্বাসৰ বাবে বহু ভাল ভাল চৰকাৰী আঁচনিৰ ৰূপায়নত সফলতা লাভ কৰিব নোৱাৰি। তেওঁ তাৰ বাবে শিক্ষাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে। সভাত বৰপেটাৰ মাধব চৌধুৰী মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰকাশ শৰ্মা আৰু বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে সমল ব্যক্তি হিচাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কুফল সমূহৰ বিষয়ে বহলাই ব্যাখ্যা আগবঢ়ায়। জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসে আঁতধৰা সভাখনত জিলা উন্নয়ন আয়ুক্ত ডা: বাবুল চহৰীয়া, অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰী, যুটীয়া স্বাস্থ্য সঞ্চালক তীৰ্থনাথ শৰ্মা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও চমু ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণীতে সমবেত সংগীত পৰিবেশন কৰে বৰপেটাৰ সুৰধ্বনি গোষ্ঠীৰ শিল্পী সকলে আৰু অনুষ্ঠানৰ শেষত অংকুৰ গোষ্ঠীৰ দ্বাৰা এখন নাট পৰিবেশন কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close