বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

জামেটৰ হাতত দেশৰ ফুড মাৰ্কেট

দেশত অনলাইন ফুড ডেলিভাৰী ব্যৱসায়ৰ সবাতোকৈ ডাঙৰ অধিগ্ৰহণৰ চুক্তিৰ কথা ঘোষণাৰ পিছতেই ভাৰতত সেৱা বন্ধ কৰিছে Uber Eats–এ। এই অধিগ্ৰহণৰ লগে লগে এছিয়াৰ অন্যতম বৃহৎ ফুড ডেলিভাৰী সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিলে জোমাটোৱে। দিল্লী আইআইটিৰ প্ৰাক্তন আইআইটিয়ান দীপেন্দ্র গয়ালৰ সংস্থা Zomato, টুইট কৰি তেওঁ এই চুক্তিৰ কথা জনায় ।

অনলাইন খাদ্য যোগান ধৰা ৱেবছাইট Zomato এ উবেৰ ইটছ ইণ্ডিয়াৰ ৫৫ শতাংশ চেয়াৰ নিজৰ নামত কৰি লৈছে। মঙলবাৰে Zomato এ ভাৰতত ব্যৱসায় কৰি থকা উবেৰ ইটছ ৩৫ কোটি ডলাৰ অৰ্থাৎ ২৪৮৫ কোটি টকাত কিনিছে। ৫৫ শতাংশ শ্বেয়াৰ জোমাটোক বিক্ৰীৰ পাছত উবেৰ ইটছৰ হাতত এতিয়া থাকিল মাত্ৰ ৯.৯ শতাংশ চেয়াৰ।উল্লেখ্য যে কেব সেৱা আগবঢ়াই অহা উবেৰৰ খাদ্য যোগান ধৰা শাখাটোৱে ভাৰতত ব্যৱয়াসিক দিশত মুনাফা আদায় কৰিব নোৱাৰাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰে।জোমাটোৰ চুক্তি–

অধিগ্ৰহণৰ কাৰণে প্ৰায় ২,৪৫০কোটি টকা খৰছ কৰিছে জোমাটোৱে।
অধিগ্ৰহণৰ কাৰণে উবেৰ ইটছৰ ১ কোটি গ্ৰাহক পাব জোমাটোৱে।

নিজৰ বৰ্তমানৰ বজাৰৰ বাহিৰতো নতুনকৈ বজাৰ সম্প্ৰসাৰণৰ সুযোগ পাব জোমাটোৱে।চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৫মাহত ২,১৯৭কোটি টকা লোকচান হয় উবেৰ ইটছৰ। লক্ষ্যণীয় যে ভাৰতত অনলাইন ফুড ডেলিভাৰী সংস্থাৰ ৮৪শতাংশ ব্যৱসায়েই এতিয়া দুটা সংস্থাৰ হাতত। এনে ক্ষেত্ৰত ক্ৰেতাৰ স্বাৰ্থ কিমান সুৰক্ষিত হৈ থাকিব সেয়া প্ৰশ্নৰ বিষয়!উল্লেখযোগ্য যে, ভাৰতৰ উবেৰ ইটছৰ ক্ষেত্ৰতহে এই সিদ্ধান্ত লোৱা হৈছে। বিশ্বৰ অন্য প্ৰান্তত উবেৰ ইটছ সেৱা চলি আছে বা চলি থাকিব বুলিও কোম্পানীটোৱে স্পষ্ট কৰি দিছে।এতিয়াৰে পৰা উবেৰ ইটছৰ ব্যৱহাৰকাৰীসকলক Zomato এপৰ সৈতে ৰিডাইৰেক্ট কৰা হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close