
১৬ মাৰ্চৰ ২০২০ৰ পৰা সমগ্ৰ দেশতে এ টি এম কাৰ্ডেৰে ধন উলিওৱাৰ নিয়ম সলনি হ’ব। RBIৰ মতে, ডেবিট কাৰ্ড অৰ্থাৎ এটিএম আৰু ক্ৰেডিট কাৰ্ডেৰে হোৱা লেনদেন অধিক সহজ কৰাৰ বাবে নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব। লগতে একাউণ্টৰ জমা ধন সুৰক্ষিত কৰাও আন এক উদ্দেশ্য এই নতুন নিয়মৰ।
ইয়াৰ পূৰ্বে ১ জানুৱাৰীত SBI–এ এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত জাৰি কৰিছিল নতুন নিয়ম। এতিয়া SBI–এ এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত ৱান টাইম পাছৱৰ্ডৰ ব্যৱস্থা কৰিছে। নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ এটিএমৰ পৰা ধন উলিয়ালে গ্ৰাহকে বেংকত পঞ্জীয়ন হৈ থকা ম’বাইল নম্বৰলৈ অহা OTP দিব লাগিব। এই নিয়ম ১০ হাজাৰ টকাতকৈ অধিক লেনদেনত কাৰ্যকৰী হ’ব।
১৬ মাৰ্চৰ পৰা কি নতুন নিয়ম?
ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক কৈছে যে কাৰ্ড ইছ্যু বা ৰি–ইছ্যু কৰাৰ সময়ত দেশত এটিএম আৰু পিঅ’এছ টাৰ্মিনেলত কেৱল ড’মেষ্টিক কাৰ্ডৰ জৰিয়তেহে লেনদেন কৰাত অনুমোদন দিয়ক বা যিসকল লোকৰ বিদেশলৈ অহা–যোৱা নহয় তেওঁলোকৰ কাৰ্ডত অ’ভাৰছীজ সুবিধা উপলব্ধ নহ’ব। বেংকত আবেদন কৰিলেহে এই সুবিধা লাভ কৰিব। এতিয়ালৈ বেংকে এই সুবিধাসমূহ দাবী অবিহনেই দি আছে।গ্ৰাহকে নিজৰ কাৰ্ডত বিদেশত লেনদেন, অনলাইন লেনদেন আদি সুবিধাৰ বাবে পৃথকে অনুমোদন ল’ব লাগিব। অৰ্থাৎ যদি আপুনি বিদেশত বা অনলাইন লেনদেনৰ সুবিধা বিচাৰে তেন্তে এই সেৱা বেলেগকৈ ল’ব লাগিব।এতিয়া গ্ৰাহকে নিজৰ ইচ্ছামতে সিদ্ধান্ত ল’ব যে তেওঁ ডমেষ্টিক আৰু ইণ্টাৰনেচনেল কাৰ্ডৰ লেনদেন নিষ্ক্ৰিয় কৰিব বিচাৰে নে নাই। এতিয়ালৈকে যিসমূহ কাৰ্ডত অনলাইন, ইণ্টাৰনেচনেল, কণ্টেক্টলেছ লেনদেন হোৱা নাই, সেইসমূহ কাৰ্ডত এই সুবিধাসমূহ বন্ধ কৰাটো বাধ্যতামূলক হ’ব।গ্ৰাহকে ২৪ ঘণ্টাত যিকোনো সময়তে নিজৰ কাৰ্ড অন/অফ কৰিব পাৰিব বা লেনদেনৰ সীমা সলনি কৰিব পাৰিব। ইয়াৰ বাবে তেওঁ ম’বাইল এপ বা ইণ্টাৰনেট বেংকিং বা এটিএম বা আইভিআৰৰ সহায় ল’ব পাৰে। এতিয়া বেংকে নিজৰ গ্ৰাহকক পিঅ’এছ/এটিএম/অনলাইন লেনদেন/কণ্টেক্টলেছ লেনদেনৰ বাবে লেনদেনৰ সীমা সালসলনি কৰাৰ সুবিধা দিব লাগিব। ইয়াৰ লগতে বেংকে গ্ৰাহকৰ কাৰ্ডৰ ছুইচ অফ–অন কৰাৰ সুবিধা দিব লাগিব। এই নতুন নিয়ম প্ৰিপেইড গিফ্ট কাৰ্ড আৰু মেট্ৰ’ৰ ক্ষেত্ৰত কাৰ্যকৰী নহ’ব।