বিচিত্র জগতবিজ্ঞানশীৰ্ষ

অক্টোপাছ ভিন্ন গ্রহৰ প্রাণী

সাগৰীয় জীৱসমূহৰ ভিতৰত অক্টোপাছ অন্যতম। বিশাল দৈত্যাকৃতিৰ এই জীৱটোক লৈ বৈজ্ঞানিকসকলৰ মাজত পূর্বৰ পৰাই বহু জল্পনা-কল্পনা অব্যাহত আছে। বর্তমান এই জীৱবিধক মানুহৰ সু-স্বাদু খাদ্য তালিকাতাে অন্তর্ভুক্ত কৰিছে যদিও জীৱবিধক লৈ বর্তমমানাে কৌতুহলৰ কিন্তু অন্ত পৰা নাই। সম্প্রতি বৈজ্ঞানিকসকলৰ মনত সন্দেহ উপজিছে যে এই অক্টোপাছ পৃথিৱীৰ প্রাণী নহয়। ই ভিন্ন গ্রহৰ প্রাণী। এই সন্দৰ্ভত নতুন গৱেষণাত পােহৰলৈ অহা তথ্য দেখি বিস্মিত হৈ পৰিছে জীৱ বৈজ্ঞানিকসকল। এই গৱেষণাত পােহৰলৈ আহিছে যে কেৱল অক্টোপাছেই নহয়। সাগৰীয় প্রজাতিৰ বহু প্রাণী যেনে- কাটল ফিছ, স্কুইড আদি জীৱসমূহাে ভিন্ন গ্রহৰ প্রাণী বুলি সন্দেহ প্রকাশ কৰা হৈছে। ইয়াৰ কাৰণ হৈছে এই প্রাণীসমূহে নিজৰ শৰীৰৰ গঠন নিজেই সলনি কৰিবলৈ সক্ষম। এই ৰহস্যই বর্তমান বৈজ্ঞানিকসকলৰ মনত বহুল প্রশ্নৰ উত্থাপন কৰিছে। কিয়নাে এই জীৱসমূহৰ বিৱৰ্তনৰ তত্বৰ সৈতে ইয়াৰ কোনাে মিল নাই। এইসমূহ জীৱ অত্যাধুনিক জৈৱ ক্ষমতা সম্পন্ন সেয়ে সম্ভৱত এই প্রাণীসমূহ ভিন্ন গ্রহৰ বুলি ধাৰণা কৰা হৈছে। বৈজ্ঞানিকসকলৰ নতুন গৱেষণাত প্রমাণিত হৈছে যে অক্টোপাছ, স্কুইড বা কাটল ফিছ আদিয়ে নিয়মিতভাৱে সিহঁতৰ আৰ এন এ সলনি কৰে। এই বিশেষত্বৰ বাবেই এই প্রাণীসমূহক প্রাণীজগতৰ অন্য জীৱৰ তুলনাত পৃথক কৰিছে। আৰ এন এত আছে এক বিশেষ জেনেটিক কোড। ডি এন এৰ অণু ডবল ষ্টেণ্ডার্ড আৰু আৰ এন এৰ অণু চিংগল ষ্টেণ্ডার্ড। প্রটিন উৎপাদন কৰি শৰীৰত জেনেটিক তত্বৰ যােগান ধৰে আই এন এ। বৈজ্ঞানিকসকলৰ আন এক তথ্যত পােহৰলৈ আহিছে যে প্রায় আঢ়ৈশ মিলিয়ন বছৰ পূর্বে পৃথিৱী সৃষ্টিৰ সময়ত বহু সামগ্রী মহাকাশৰ পৰা চিটিকি আহি সমুদ্র পৃষ্ঠত পৰিছিল। সেইসমূহ সামগ্ৰীৰ কিছুমান আছিল জীৱন্ত অৱস্থাত। সেয়ে সন্দেহ প্রকাশ কৰা হৈছে। তাৰ ভিতৰত অক্টোপাছৰ কণীও সমুদ্র পৃষ্ঠত পৰিছিল। পিছলৈ সমুদ্রৰ তাপমাত্রাৰ ফলত সিহঁতে জীৱন লাভ কৰে। তথাপিও এই তথ্য যে সম্পূর্ণ সত্য সেই মন্তব্যৰ পৰা বিৰত আছে বৈজ্ঞানিকৰ দলটো। বর্তমান এই সন্দৰ্ভত বহু গৱেষণা অব্যাহত ৰাখিছে বৈজ্ঞানিকৰ দলটোৱে। ফলত আগন্তুক সময়ত আৰু ন ন তথ্য পােহৰলৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close