অসমবিশেষশীৰ্ষ

অংকুৰ ৰঞ্জন ফুকন-মনােৰঞ্জন বড়িলৈ ২০১৯ মুনীন বৰকটকী সাহিত্য বঁটা

সু-সাহিত্যিক, সমালােচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ পূণ্য স্মৃতিত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকাক উদগণি জনাবলৈ প্ৰদান কৰি অহা মুনীন বৰকটকী সাহিত্য বঁটা ২০১৯ আজি আনুষ্ঠানিকভাৱে ঘােষণা কৰা হয়। চলিত বৰ্ষৰ ২৫ সংখ্যক এই বঁটা ‘ৎ’ আৰু ‘ম’হ-যখ’ নামৰ কবিতা আৰু গল্পৰ পাণ্ডুলিপিৰ বাবে আগবঢ়োৱা হৈছে অসমীয়াৰ তৰুণ কবি অংকুৰ ৰঞ্জন ফুকন আৰু গল্পকাৰ মনােৰঞ্জন বড়িলৈ। ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰনতুন লেখক-লেখিকাসকলক উদগনি জনােৱাৰ উদ্দেশ্যে প্রদান কৰি অহা এই বঁটাত আছে— নগদ ৫০ হেজাৰ টকা, স্মাৰক আৰু এখন প্ৰশস্তিপত্র।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close