প্ৰযুক্তি

নষ্ট হোৱা ডকুমেণ্ট ঠিক কৰিবলৈ হ’লে—

বহুসময়ত মাইক্রছফট অফিচ প্ৰগ্ৰামৰ আৱশ্যকীয় ফাইল কোনো কাৰণত ক্ষতিগ্রস্ত বা কৰাপট হব পাৰে। ফাইল নষ্ট হলে বহু সমস্যাত পৰিবলগা হয়। তাৰ বাবে কি কৰিব লাগে চাওঁ আহক।

কি কৰিবঃ

সাধাৰণতে ডকুমেন্ট ফাইল নষ্ট হয় যেতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ গৈ অফিচ প্রগ্রাম আদিত ক্ৰাছ কৰে। ফাইলটো ভালে থকা অৱস্থাত ইউণ্ডজৰ অস্থায়ী ফল্ডাৰত গৈ জমা হয়। বিচাৰিলে সেই অস্থায়ী ফিল্ডাৰলৈ গৈ সেই ফাইলটো ঠিক কৰিব পৰা যায়। উইগুজৰ অস্থায়ী ফাইলত এই সংক্রান্তত টেম্পফাইল ক্রিয়েট হৈ থকাৰ বাবে পাছত তাক ঘূৰাই পাবলৈ সক্ষম হয়।

উইণ্ডজ এক্সপিৰ বাবে

ষ্টার্ট মেনুৰ পৰা ছাৰ্ছলৈ যাওঁক। অল ফাইল এণ্ড ফন্ডাৰ্ছ নির্বাচন কৰি ছাৰ্ছ ঘৰত ষ্টাৰ ডট টেম্প লিখি এণ্টাৰ মাৰক। এতিয়া টেম্পযুক্ত সকলো ফাইল বিচাৰি বাহিৰ কৰিব। এতিয়া আপোনাৰ নষ্ট হোৱা ফাইলটো ইয়াত বিচাৰিব। তাৰিখ অনুযায়ী চাবলৈ বিচাৰিলে সোঁফালে ক্লিক কৰি চৰ্ট ৱব/ডেট মডিফাইড নির্বাচন কৰক। এতিয়া ফাইলক মাইক্রছফট অফিচ প্ৰগ্ৰামলৈ গৈ ফাইলটো সংৰক্ষণ কৰিব পাৰিব।

উইণ্ডজ ভিষ্টা, ৭ আৰু পাছৰ সকলো আ এছৰ বাবে

কম্পিউটাৰৰচিড্রাইভলৈ যাওঁক। এইবাৰ ওপৰৰ সোঁফালে কোণত ছাৰ্ছ ঘৰলৈ গৈ টেম্প লিখি কিছুসময় অপেক্ষা কৰক। নষ্ট ফাইল বিচাৰি পালে আগৰ নিয়মতে সেইটো বেলেগ ড্রাইভত সংৰক্ষণ কৰিব পাৰিব।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close