বিশেষ

বিৰল-বিনন্দীয়া ছাৰখাব

প্রণীতা চুতীয়া

পৃথিৱীৰ আটাইতকৈ সুন্দৰ চৰাইবুলি কলে আপোনাৰ নিশ্চয় মনলৈ আহিব ময়ুৰ চৰাইৰ কথা। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ুৰ যে পৃথিৱীৰ ধুনীয়া চৰাইবোৰৰ অন্যতম তাত কোনো সন্দেহ নাই। কিন্তু ময়ুৰৰ দৰেই ধুনীয়া বিভিন্ন ৰঙেৰে ৰঙীন এবিধ চৰাই আছে। যাৰ নাম Surkhab৷ এই Surkhab পক্ষীৰ বৈশিষ্ট্য হঠাইভেদে ই বিভিন্ন আকৃতিৰ হয়। Surkhabৰ প্ৰজাতিও ভিন্ন ভিন্ন। আৰু আশ্চৰ্যকৰ কথাটো হSurkhab পক্ষীয়ে কিছুসময়ৰ বাবে নিজৰ আকৃতি সলনি কৰিব পাৰে। কেই ছেকেণ্ডমানৰ বাবে সম্পূৰ্ণৰূপে আকাৰত ডাঙৰ হৈ আকৌ পূৰ্বৰ অৱস্থাটোলৈ ঘূৰি আহিব পৰা ক্ষমতা আছেSurkhabৰ।

সৌন্দৰ্যৰ ক্ষেত্ৰত ময়ুৰকো চেৰ পেলাই যোৱা এই চৰাইবিধক হিমালয়ান মানল বুলিও কোৱা হয়। পক্ষীবিজ্ঞানীয়েও এই চৰাইবিধক মানল বুলি কয়। হিমালয়ান মানল যে কেৱল হিমালয়তহে পোৱা যায়, তেনে কোনো কথা নাই। এই প্রজাতিৰ চৰাই চীনৰ কোনো কোনো অঞ্চলতো পোৱা যায়। অৱশ্যে তাত ইয়াৰ স্বৰূপ কিছু ভিন্ন হয়।

Surkhab পক্ষীৰ মূৰত ময়ুৰৰ দৰেই সুন্দৰ পাখি থাকে, অৱশ্যে ময়ুৰতকৈ কিছু পৃথক। বহুতেই কয় যে Surkhab যিমান ধুনীয়া, জীৱনত ইয়াৰ দৰ্শন পোৱজনো সিমানেই ভাগ্যশালী। কাৰণ এই পক্ষীবিধ সহজে দেখা পোৱা নাযায়। বহুতেই ইয়াক অলৌকিক বুলি কব খোজে।

শেহতীয়াকৈ Surkhab পক্ষীৰ কাৰুকাৰ্যৰ এটা বিডিঅছচিয়েল মিডিয়াত আপলোড কৰা হৈছিল। সেই ভিডিঅৰ বজাৰ মূল্য ২৫ লাখ টকা। কিয়নো Surkhab পক্ষীৰ এই ভিডিঅটো শ্বট কৰিবলৈ ১৯জনকৈ ফটোগ্রাফাৰ নিয়োগ কৰা হৈছিল আৰু তেওঁলোকক মুঠ ৬২টা দিনৰ অন্তত এই ভিডিঅটো কৰিবলৈ সক্ষম হৈছিল। Surkhab পক্ষী যে, সহজে দেখা নাযায়, এই কথাই সেয়া প্রমাণিত কৰে।

Surkhab পক্ষীক লৈ কিছু লোকবিশ্বাস আছে। বহুতে কয় যে এই পক্ষীবিধৰ এক আধ্যাত্মিক মহত্ব আছে। এই পক্ষীবিধক এবাৰ স্বচক্ষে প্রত্যক্ষ কৰাজনৰ জীৱনলৈ বহুত ভাল দিন আহে বুলিও এক জনবিশ্বাস আছে। Surkhab পক্ষী কুবেৰৰ আশীর্বাদপ্রাপ্ত বুলি ভবা হয় আৰু সেয়ে ইয়াৰ দৰ্শন লাভ কৰাজনো কম দিনৰ ভিতৰত ধন ঐশ্বৰ্যৰ গৰাকী হৈ পৰে বুলি বিশ্বাস কৰে বহুজনে। Surkhabাৰ পাখী যাৰ ঘৰত ৰখা হয়, সেই ঘৰখন ধন আৰু সুখ-সমৃদ্ধিৰে ভৰি পৰে বুলিও এক জনবিশ্বাস আছে।

লগতে বৈবাহিক জীৱন তথা প্ৰেমৰ ক্ষেত্ৰত এই চৰাইবিধৰ আশীর্বােদ বহু শুভ বুলি ভবা হয়। যাৰ বাবে বহুতে ঘৰত Surkhab পক্ষীৰ চিত্র আঁৰি থয়।

এনেধৰণৰ বহুতো লোকবিশ্বাস আছেSurkhab|

Surkhab এবিধ কুকুৰা প্রজাতিৰ পক্ষী। ইয়াৰ প্ৰায়বোৰৰ ৰং সোণোৱালী আৰু ভিতৰৰ দেউকাৰ ৰং সেউজীয়া হয়। এই উজ্জ্বল চৰাইবিধ বেছিকৈ লাডাখ আৰু তিবৃতত পোৱা যায়। ভাৰতত এইবিধ পক্ষী অক্টোবৰ মাহৰ পৰা মার্চ মাহৰ ভিতৰত পোৱা যায়। কুলি চৰাই যেনেকৈ এপ্রিলত আহি আগষ্টত উভতি যায়। তেনেকৈয়ে Surkhab পক্ষী অক্টোবৰ মাহত আহি ফেব্ৰুৱাৰী মাহৰ পাছতেই স্বদেশলৈ উভতি যায়।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close