বিনোদনবিশেষ

কোন অভিনেত্ৰীৰ আয় কিমান

অস্কাৰ বিজয়ী অভিনেত্রী এম্মা ষ্টনে এইবাৰ সৰ্বাধিক উপার্জনকাৰী অভিনেত্রীৰ খিতাপ অর্জন কৰিছে। কিছুদিন পূর্বে ফৰ্বছৰ তালিকাত প্রকাশ পাইছে। এই তথ্য। যোৱা বছৰ এই খিতাপ অর্জন কৰিছিল অভিনেত্রী জেনিফাৰ লৰেঞ্চে। দেখা যায়, জুনত প্রকাশ পোৱা তথ্য অনুসৰি ২৮ বছৰীয়া এম্মাৰ বার্ষিক আয় ২ কোটি ৬০ লাখ ডলাৰ।লা লা লেণ্ডত অনবদ্য অভিনয়ৰ বাবে অস্কাৰ লাভ কৰিছিল অভিনেত্রীগৰাকীয়ে। তাৰোপৰি অন্যান্য বহুতো পুৰস্কাৰ লাভ কৰিছে মার্কিন হার্ট থ্রী বগৰাকীয়ে। আনহাতে, ফ্রেণ্ডচ খ্যাত অভিনেত্রী জেনিফাৰ এনিষ্টনে ৰাণাৰ্ছ আপ খিতাপ লাভ কৰিছে। তেওঁৰ বার্ষিক আয় হৈছে ২ কোটি ৫৫ লাখ ডলাৰ। অভিনেত্রী লৰেঞ্চ আছে। তৃতীয় স্থানত। তেওঁৰ বার্ষিক আয় ২ কোটি ৪০ লাখ ডলাৰ। তাৰ পাছতে আছে অভিনেত্রী মেলিচা মেককার্থি আৰু মিলা কুনিচ তেওঁলোকৰ বার্ষিক আয় ক্রমে ১ কোটি ৮০ লাখ ডলাৰ আৰু ১ কোটি ৫৫ লাখ ডলাৰ। তালিকাৰ দশম স্থানত আছে এমা ৱাটচন, ছাৰ্লিজ থোৱন, কেট ব্লাঞ্চেটি, জুলিয়া ৰবাৰ্টচ আৰু এমি এডামচ। তেওঁলোকৰ সন্মিলিত আয় ১৭ কোটি ২৫ লাখ ডলাৰ। বিগত বছৰৰ তুলনাত তেওঁলোকৰ আয় ১৬ ভাগ কমি গৈছে বুলি ফৰ্বছৰ তথ্যত প্রকাশ। ইয়াৰ পৰা বুজিব পাৰি যে অভিনেতাৰ অভিনেত্রীৰ আয়তকৈ কিমান বেছি হব। ফৰ্বছৰ তালিকাত ডোয়েন দ্য ৰক জনচনৰ আয় হৈছে ৬ কোটি ৪০ লাখ ডলাৰ। যিটো এম্মাৰ আয়তকৈ দুগুণ বেছি।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close