প্ৰযুক্তিবিশেষ

গ্ৰন্থাগাৰৰ ইতিবৃত্ত

                                                                                                                                                              মিতালী ভট্টাচাৰ্য

” A house without books is like a room without windows “—  Heinrich Mann

গ্ৰন্থাগাৰ  এক বিদগ্ধ প্ৰতিষ্টান য ‘ত  পাঠক গবেষক সকলক সমলৰ যোগান ধৰা  হয় ৷ শতাব্দীৰ পৰা শতাব্দী ধৰি মানৱ সভ্যতাৰ সকলো জ্ঞান জমা হৈ আছে  এই গ্ৰন্থৰ ভিতৰতেই  ৷ মানুহৰ হাজাৰ বছৰৰ  লিখিত  অলিখিত সকলো ইতিহাসে বিশ্ৰাম লৈ থাকে গ্ৰন্থাগাৰৰ এই কিতাপ বোৰৰ মাজত  ৷ প্ৰাচীন শিলালিপি ৰ পৰা আৰম্ভ কৰি আধুনিক লিপিৰ গ্ৰন্থৰ উপযুক্ত স্থান হ’ল এই গ্ৰন্থাগাৰ ৷ আজিৰ পৃথিৱীক জ্ঞান বিজ্ঞানেৰে সমৃদ্ধ কৰা গ্ৰন্থাগাৰৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আছে এক সমৃদ্ধ  ইতিহাস ৷ সভ্যতা বিকাশৰ  দিশত  ক্ৰমশঃ   অগ্ৰসৰ হোৱাত  মানুহে তেওঁলোকৰ  সৃষ্টি সমুহ সংৰক্ষনৰ প্ৰয়োজনীয়তা উপলব্ধি  কৰিবলৈ ধৰিলে ৷ বিশ্বৰ ইতিহাসত  মিশৰৰ আলেকজেন্দ্ৰিয়া , ইৰাকৰ বাগদাদ, দামেস্ক,  প্ৰাচীন গ্ৰীচ আৰু ৰোমৰ সমৃদ্ধ গ্ৰন্থাগাৰ ৰ নিৰ্দেশনা পোৱা যায় ৷ ইয়াৰ উপৰিও তক্ষশীলা  আৰু নালন্দাত সমৃদ্ধ  গ্ৰন্থাগাৰ  গঢ়ি উঠাও পৰিলক্ষিত হয় ৷ আব্বাছীয় আৰু উমাইয়া শাসন কালত “দাৰুল হাকিমা  ” নামৰ গ্ৰন্থাগাৰে ইউৰোপৰ জ্ঞান বিজ্ঞাৰ ভাণ্ডাৰৰ সমৃদ্ধ কৰি তুলিছিল ৷সমকালীন মিশৰৰ  “বাইতুল হিকমা” ও একে ভূমিকা পালন কৰা দেখা যায় ৷ প্ৰাচীন যুগত গ্ৰন্থাগাৰ সমুহ  গঢ়ি উঠিছিল ৰাজদৰবাৰ তথা ধৰ্মীয়  উপাসনা গৃহক  কেন্দ্ৰ কৰিয়েই ৷

গ্ৰন্থাগাৰৰ জ্ঞান নদীৰ দৰে দেশ, কালৰ সীমা পাৰ হৈ প্ৰৱাহিত হয় হৃদয়ৰ পৰা হৃদয়লৈ ৷ জ্ঞানী সকলে তাত বিচাৰি পায় জ্ঞানৰ অমিয় সুধা , চিন্তাবিদ  সকলে বিচাৰি পায় চিন্তাৰ বহুমুখী  স্ৰোত, কল্পনাপ্ৰিয় সকলে বিচাৰি পায় ভাবৰ স্বচ্ছ অনন্ত জলধাৰা ৷ শত সহস্ৰ বছৰ ধৰি জমা হৈ থকা প্ৰশ্নৰ উত্তৰ থাকে এই গ্ৰন্থাগাৰত ৷ হৃদয় আৰু মনৰ এই সাতোৰঙী ৰামধেনুৰ  আলপনা আন কতো পোৱা নাযায় ৷ ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ লাইব্ৰেৰী  নামৰ প্ৰবন্ধত কৈছিল, ” লাইব্ৰেৰীৰ মধ্যে আমৰা  অজস্ৰ পথেৰ চৌমাথা উপৰ দাঁড়াইয়া আছি ৷ কোনো পথ অনন্ত সমুদ্ৰে গিয়াছে, কোনো পথ মানৱ হৃদয়েৰ অতল   কে স্পৰ্শ কৰিয়াছে ৷ যে দিকে ধাবমান হও কোথাও বাধা পাইবে না  ৷ “

গ্ৰন্থাগাৰৰ ইংৰাজী প্ৰতিশব্দ ” Library ” ৰ উৎপতি  ল্যাটিন শব্দ  Liber ৰ পৰা ৷ যাৰ অৰ্থ পুস্তক  বা কিতাপ ৷ ‘Liber ‘ শব্দটো Libraium শব্দৰ পৰা আহিছে তাৰ অৰ্থ হ’ল কিতাপ ৰখা ঠাই ৷ মুদ্ৰন প্ৰযুক্তি আবিষ্কাৰৰ আগত, গছৰ পাত, বাকলি, শিল, মাটিৰ পাত্ৰ, পশুৰ ছাল আদিৰ ওপৰত চিত্ৰ আদিৰ সহকাৰে জ্ঞান বিজ্ঞানৰ অনুভব সংৰক্ষন কৰি ৰখা হৈছিল ৷ মেসোপটেমিয়া (ইৰাক)  অঞ্চলত ক্ষয়প্ৰাপ্ত 30,000 পোৰামাটিৰ  ফলক নিৰীক্ষন কৰি পোৱা গৈছে  যে এইবোৰ প্ৰায় পাঁচ হাজাৰ বছৰ পুৰনি ৷ প্ৰাচীন মিশৰীয় নগৰীৰ আমৰানা আৰু থিবিচত প্ৰাপ্ত প্যাপিৰাছ  ক্ৰল   বিলাক 1300-1200 খৃষ্টপূৰ্বৰ ৰচনা ৷ মেসোপটেমীয় উপত্যকাত  যথাক্ৰমে সুমেৰীয়, ব্যাবিলনীয় আৰু ত্ৰ্যাসেৰীয়  সকলে গ্ৰন্থাগাৰ স্থাপন কৰি সভ্যতাৰ অগ্ৰগতিত অৰিহনা যোগায় ৷

প্ৰথম  জাতীয়তাবাদী গ্ৰন্থাগাৰ  হিচাপে বিবলিওথিক ম্যাজৰিন গঢ়ি উঠে ৷ 1368 চনত পঞ্চম ল্যুভৰ প্ৰাসাদত  এই গ্ৰন্থাগাৰ  স্থাপন কৰা হয় ৷ ষষ্ঠ চালৰ্সৰ মৃত্যুৰ পিছত ফ্ৰান্সত  নিযুক্ত ইংৰাজ প্ৰতিনিধি বেডফোৰ্ড  ডিউকে  এই মুল্যবান  গ্ৰন্থাগাৰ  ক্ৰয় কৰি 1424 চনত ইংলেণ্ডলৈ  পঠিয়াই দিয়ে ৷ মুদ্ৰন ব্যবস্থা উদ্ভাবনৰ পিছত 1461 চনত একাদশ লুইতৰ তত্বাৱধানৰ আন এটি সংগ্ৰাহালয়  স্থাপনৰ  প্ৰচেষ্টাৰ আৰম্ভনী কৰা হয় ৷ বিবলিওথিক ম্যাজাৰিনৰ গ্ৰন্থাগাৰিক  হিচাপে জ্যাকুয়েচ অগাস্তে দ্য য়ো য়ে ইয়াক পৃথিৱীৰ বৃহত্তম গ্ৰন্থাগাৰলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰচেষ্টা কৰিছিল ৷ 1692 চনত এই বৃহত্তম গ্ৰন্থাগাৰটোৰ সৰ্বসাধাৰণৰ বাবে উন্মূক্ত কৰি দিয়া হয় ৷ ফৰাচী বিপ্লৱৰ সময়ত এই বৃহত্তম গ্ৰন্থাগাৰটোক ধংসৰ গৰাহত মুক্ত কৰাৰ কৃতিত্ব  অৰ্জন কৰে অ্যান্টোইন – অগাষ্টিন ৰেনুয়াৰ্দ আৰু জোসেফ ফন প্ৰায়তেৰ এ ৷

ওয়েলসীয় গনিতজ্ঞ  জন ডি এ আধুনিক  গ্ৰন্থাগাৰ তথা তাৰ পৰিকল্পনাৰ অন্যতম পৃষ্ঠপোষক বুলি গন্য কৰা হয় ৷ তেওঁ 1556 চনত ইংলেণ্ডৰ প্ৰথম মেৰি’ অ ৰ ওচৰত প্ৰাচীন গ্ৰন্থ,  পাণ্ডুলিপি আৰু ৰেকৰ্ডছ  সংৰক্ষন তথা জাতীয়তাবাদী গ্ৰন্থাগাৰ স্থাপনৰ প্ৰস্তাৱ  উত্থাপন কৰিছিল যদিও সেই প্ৰস্তাৱ নাকচ কৰা হয়  ৷ পৰবৰ্তী কালত  1694 চনত স্যাৰ ৰিচাৰ্ড বেন্টলিয়ে  গ্ৰন্থাগাৰ  নিৰ্মানৰ প্ৰস্তাৱ উত্থাপন কৰাত এই বিষয়ে সেই সময়ৰ বিদ্বান সমাজ জাগ্ৰত হৈ উঠে ৷ বিশ্বৰ সৰ্বপেক্ষা সমৃদ্ধ ব্যক্তিগত পাণ্ডুলিপি সমুহ সংগ্ৰহ কৰি  গ্ৰন্থাগাৰ নিৰ্মানৰ প্ৰস্তুতিৰ গতি তৰান্বিত কৰা হয় ৷ এই প্ৰক্ৰিয়াৰ মাধ্যমত বৃটিছ লাইব্ৰেৰী  প্ৰতিষ্টা কৰা হয় ৷
1783 চনত নবগঠিত আমেৰিকা যুক্তৰাষ্ট্ৰত জেমছ্ ম্যাভিচনে কংগ্ৰেছ  সম্পৰ্কিত  গ্ৰন্থাগাৰ  প্ৰতিষ্ঠা ৰ প্ৰতি মনোযোগ প্ৰদান কৰে ৷ ৰাষ্ট্ৰপতি জন অ্যাডামস্ ফিলোডেলফিয়াৰ পৰা ৰাজধানী ওয়াশিংটনলৈ স্থানান্তৰিত  কৰি 24 এপ্ৰিল 1800 চনত লাইব্ৰেৰী  অব কংগ্ৰেছ  প্ৰতিষ্ঠা  কৰে ৷

ভাৰতবৰ্ষতো 1780 চনত শ্ৰীৰামপুৰ মিছনে মুদ্ৰিত গ্ৰন্থ আৰু  পাণ্ডুলিপিৰ গ্ৰন্থাগাৰ স্থাপন কৰে ৷ ইয়াৰ পিছত কলিকতা, মাদ্ৰাছ আৰু বেনাৰছ  হিন্দু বিশ্ববিদ্যালয়ত   প্ৰাচীন পুঁথি আৰু মুদ্ৰিত গ্ৰন্থৰ সংগ্ৰহ শালা  গঢ়ি তোলা হয়  ৷ 1801 চনত ফোৰ্ট উইলিয়াম কলেজত মানবিক বিদ্যা  আৰু বিজ্ঞান বিষয়ক এটি গ্ৰন্থাগাৰ স্থাপন কৰা হয় ৷

1805 চনতো  এশিয়াটিক সোসাইটি য়ে কলিকতাত এটি গ্ৰন্থাগাৰ স্থাপন কৰা দেখা যায় ৷দ্বাৰকানাথ ঠাকুৰৰ পৃষ্ঠপোষকতাত 1836 চনত কলিকতাত পাবলিক লাইব্ৰেৰী  নামেৰে  এটা বেচৰকাৰী  লাইব্ৰেৰী  স্থাপন কৰা ৷ তদানীন্তন  গৰ্ভনৰ জেনেৰেল লৰ্ড মেটকাফ ফোৰ্ট  উইলিয়াম  কলেজ লাইব্ৰেৰী  প্ৰায় 4,675 টা অমূল্য কিতাপ এই গ্ৰন্থাগাৰত দান কৰে ৷  বৃটিছ চৰকাৰৰ  অধীনতেই ইংৰাজী জ্ঞানবিজ্ঞান  তথা আধুনিক বিশ্বৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে 1891 চনত কলিকতাৰ একাধিক সচিবালয়ৰ গ্ৰন্থাগাৰত একত্ৰিত কৰি সৃষ্টি কৰা হয়  ইম্পিৰিয়েল  লাইব্ৰেৰী  ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ  1903 চনত লৰ্ড কাৰ্জনৰ প্ৰচেষ্টাত কলিকতাৰ এই  দুই বিখ্যাত  গ্ৰন্থাগাৰক একত্ৰিত কৰি লাইব্ৰেৰিটি  ইম্পিৰিয়াৰ   নাম প্ৰদান কৰা হয় ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত ইয়াক ৰাষ্ট্ৰীয়  গ্ৰন্থাগাত ৰূপান্তৰিত  কৰা হয় ৷

আধুনিক ভাৰতত  Shiyali Ramamritra Ranganathan ক তেওঁৰ  গ্ৰন্থৰ উপৰত থকা কৰ্মদক্ষতা তথা প্ৰভাৱৰ  ফলস্বৰূপে লাইব্ৰেৰী বিজ্ঞানৰ জনক বুলি অভিহিত  কৰা হয় ৷ তেওঁৰ কৰ্মৰাজি  দ্বাৰা গ্ৰন্থৰ সংৰক্ষন তথা ইয়াৰ উপযুক্ত  ব্যবহাৰৰ প্ৰতি বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ  বিবেচনা তথা  গবেষনা কৰি এক নতুন যুগৰ জন্ম দিছিল ৷ আধুনিক  বৈজ্ঞানিক বিশ্বত গ্ৰন্থাগাৰ  বুলিলে এনে এক অনুষ্ঠানক বুজা হয় য’ত সকলো ধৰনৰ সাহিত্যকৰ্ম ডিজিটেল ফৰমেটত  সংৰক্ষন কৰা হয় ৷ অৰ্থাৎ  কম্পিউটাৰ  সহযোগত সফট্ কপি সংৰক্ষন কৰি আন্তজালৰ  মাধ্যমত গোটেই বিশ্বত বিয়পাই দি়য়া হয় তাৰ ফলত প্ৰতিটো জাতিৰ ইতিহাস, সংস্কৃতি,  পৰম্পৰাৰ বিষযে বিশ্বৰ সকলো শ্ৰেনীৰ জনগনে  জ্ঞান লাভ কৰে ৷ এই ডিজিটেল লাইব্ৰেৰীৰ ধাৰনাটো জনপ্ৰিয় হৈ উঠে 1994 চনত ৷ ইয়াক ইলেকট্ৰিক গ্ৰন্থাগাৰ বা ভাৰ্চুৱেল  গ্ৰন্থাগাৰ বুলিও অভিহিত কৰা হয় ৷
গ্ৰন্থাগাৰ হ’ল  এটা জাতিৰ স্বতন্ত্ৰ  সংস্কৃতি ৰক্ষা কৰা তথা উত্তৰপুৰুষ সকললৈ ইয়াক আগবঢ়াই দিয়াৰ এক অন্যতম মাধ্যম ৷ অতীত  আৰু বৰ্তমানৰ লগত ভবিষ্যতৰ  এক সেতুবন্ধন প্ৰক্ৰিয়া স্বৰূপ ৷ গ্ৰন্থাগাৰৰ শব্দহীন কাৰাগাৰত বন্দী সকলো মানুহেই সভ্যতাৰ আলোকবৰ্তিকা যুগ যুগ ধৰি বহন কৰি আহিছে ৷ পৃথিৱীৰ সপ্তম অাশ্চৰ্যৰ মাজ এককালত স্থান লাভ কৰা গ্ৰন্থাগাৰ  হ’ল মিশৰৰ আলেকজেন্দ্ৰিয়া  গ্ৰন্থাগাৰ ৷ শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত সকলো জাতিকেই পৃথিৱীত  মুৰ দাঙি থিয় দিয়াৰ ক্ষমতা দিয়ে গ্ৰন্থাগাৰ  সমুহেই ৷ ই হ’ল জ্ঞানৰ আকৰ স্বৰূপ ৷ এটা জাতিৰ মনন, মেধা, ইতিহাস, ঐতিহ্য আৰু সংস্কৃতিৰ ৰক্ষনা বেক্ষনৰ ক্ষেত্ৰত গ্ৰন্থাগাৰে মুখ্য ভুমিকা পালন কৰে ৷ গ্ৰন্থাগাৰৰ এই ভুমিকাৰ বাবে ইয়াক “জনগনৰ বিদ্যালয়  “নামেৰেও নামাংকি়ত কৰা হয় ৷ সমাজৰ সকলো শ্ৰেনীৰ লোককেই ধৰ্মীয় সাম্প্ৰদায়িকতা, জাতিভেদ, সংকীৰ্ণ  মনোভাব পৰিত্যাগ কৰি জাতিৰ মৰ্যাদাবোধ তথা উন্নয়নৰ ইতিহাসৰ লগত পৰিচয় কৰাই দিয়ে এই গ্ৰন্থাগাৰে ৷ প্ৰখ্যাত  মনিষী এ পি জে আব্দুল কালামে যুবচামক  কৈছিল যে – ” ভিন্ন ভাবে চিন্তা কৰা আৰু উদ্ভাৱনৰ সাহস থকা, অপৰিচিত পথত চলা আৰু অসম্ভৱক আবিষ্কাৰৰ মানসিকতাৰে সমস্যাক জয় কৰি সফল হব লাগিব ৷ ” সমাজৰ তৰুন প্ৰজন্মই এইবোৰ কেৱল এখন উপযুক্ত গ্ৰন্তাগাৰতেই বিচাৰি পাব ৷ গ্ৰন্থাগাৰেই হৈছে উপযুক্ত মানদণ্ডৰ  যুৱ প্ৰজন্ম  গঢ়ি তোলাৰ কমাৰ শালা ৷

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close