ভাল খবৰসৃজন

দ্য ৰিমাইন্স অৱ ডে’ৰ স্ৰষ্টালৈ নোবেল

 ৰিছাৰ্ড এইচ থালেলৈ অৰ্থনীতি – আই চি এ এনলৈ শান্তি

হিমাংশু অনুপমনেভাৰ লেটামি গ’, ‘দ্য ৰিমেইন্স অৱ ডেৰ স্ৰষ্টা কাজুঅইচিগুৰচলিত বৰ্ষৰ সাহিত্য নোবেল বঁটাৰে বিভূষিত হৈছে। আৱেগভৰা লিখনি, গদ্যত কাব্যিক ৰূপৰ পয়োভৰ ঘটাইবিশ্বৰ সাহিত্যনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা কাজুঅইচিগুৰৰ জন্ম হৈছিল জাপানৰ নাগাচাকিত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ধ্বংসস্তুপত পৰিণত হোৱা নাগাচাকিৰ পৰা জন্মৰ পিছতে ইচিগুৰৰ পৰিয়ালে আশ্ৰয় লৈছিল ইংলেণ্ডত। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোছিমা আৰু নাগাচাকিত আমেৰিকাই নিক্ষেপ কৰিছিল আনৱিক বোমা। আনৱিক বোমাৰ কালগ্ৰাসত নিমিষতে মৃত্যুৰ কোলাত ঢলি পৰিছিলহিৰোছিমা আৰু নাগাচাকিৰ লাখ লাখনিৰপৰাধী লোক। শিশুৰ পৰাবৃদ্ধলৈকে সকলো পাৰমাণৱিক বোমাৰ তেজক্রিয় ৰশ্মিৰ প্ৰভাৱত পুৰি চাৰখাৰ হৈছিল। পুৰি চাৰখাৰ হৈছিল। গছ-লতা-বিৰিখ-চৰাই-চিৰিকতি। যুদ্ধৰ এইবিভীষিকাময় পৰিৱেশ উপলব্ধি কৰিছিল কাজু আইচিগুৰয়ে। যুদ্ধৰ এই পৰিৱেশ আৰু ইয়াক আৱেগিক উপস্থাপন ঘটিছিলাইচিগুৰৰ বিখ্যাত উপন্যাসদ্য ৰিমেইন্স অৱ দ্য ডেত। সৰুতে চাৰ্লক্স হোম আৰু ৱাটছনৰ লিখা পঢ়ি সাহিত্যৰ প্ৰতি অনুৰাগ জন্মাইচিগুৰাৱে এটা সময়ত গীতিকাৰ হিচাপে আত্মপ্রকাশ কৰিছিল। এজন বন্ধুৰ সৈতে জুতি বান্ধি তেওঁ গান লিখা কামত ব্ৰতী হৈছিল। তেওঁৰ প্রিয় সংগীতজ্ঞ আছিল বব ডিলন। ইয়াৰ উপৰি তেওঁ বোলছবি আৰু দূৰদৰ্শনৰ বাবে স্ক্রিপ্ট লিখিছিল। ৬২ বছৰীয়াইচিগুৰৰ প্ৰথমখন উপন্যাস হএ পেলভিড অৱ হিলছ। ১৯৮২ চনত উপন্যাসখন প্রকাশ পাইছিল। ইয়াৰ পিছত তেওঁ ১৯৮৬ চনত প্রকাশ কৰিছিল দ্বিতীয়খন উপন্যাসএন আৰ্টিছ অৱ দ্য ফ্লটিং ৱল্ড। দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰভাৱ নাগাচাকিত কেনেধৰণে পৰিছিল তাৰ নিৰ্মম কাহিনী উপস্থাপন কৰা হৈছিল উপন্যাসখনত। ছুইডিছ একাডেমীয়ে ঘোষণা কৰা অনুসৰি আৱেগিক লিখা, গদ্যত কাব্যময়িতা, লিখনিৰ উপস্থাপনৰ ক্ষেত্ৰত অগতানুগতিক শৈলীৰ বাবে বৃটিছ লেখক কাজুঅইচিগুৰলৈ চলিত বৰ্ষৰ সাহিত্য নোবেল বঁটা প্রদান কৰা হৈছে। উল্লেখনীয় যে ইংলেণ্ডৰ এখন বডিং স্কুলৰ এক কৰুণ প্রেম কাহিনীক লৈ ৰচনা কৰাইচিগুৰনেভাৰ লেট মি গউপন্যাসখনে এতিয়াও বহুতৰ চকুলো সেমেকাই তোলে। ইফালে অর্থনীতিৰ মনস্তাত্বিক ব্যাখ্যা কৰাৰ বাবে মার্কিন অর্থনীতিবিদ ৰিছাৰ্ড এইচ থালেৰেলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা। ছুইডিছ একাডেমী অৱ ছায়েন্সৰ সচিব গোৰান হানচেনে সোমবাৰে অধ্যাপক থালেৰেলেলৈ নোবেল বঁটা প্রদান কৰা হয় বুলি ঘোষণা কৰে।ইউনিভাৰছিটি অৱ চিকাগো বুথ অৱ বিজনেছৰ ব্যৱহাৰিক বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যাপক হল ৰিছাৰ্ড এইচ থালেৰে। ব্যৱহাৰিক অর্থনীতিৰ ওপৰত থালেৰেই তেওঁৰ লিখিত গ্রন্থ মিছবিহেভিং দ্য মেকিং অৱ বিহেভিয়াৰেল ইকনমিকছত সর্বসাধাৰণ নাগৰিকে কোনো অর্থনৈতিক সিদ্ধান্ত বা ক্ৰয়ৰ ক্ষেত্ৰত একোজন লোকৰ মনস্তাত্বিক দিশটো কাম কৰা পৰিলক্ষিত কৰিছে। থালেৰেৰ গৱেষণাই অর্থনৈতিক সিদ্ধান্ত গ্ৰহণত মনস্তাত্বিকভাৱে বাস্তৱসন্মত সিদ্ধান্তহে মূৰকত ক্রিয়া কৰে বুলি স্পষ্টকৈ দেখুৱাইছে বুলি উল্লেখ কৰে নোৱেল প্রতিষ্ঠানে। উল্লেখ্য যে ৭২ বছৰীয়া অধ্যাপক থালেৰে কেইছ ৱেষ্টাৰ্ণ ৰিজাৰ্ভ ইউনিভাৰছিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ৰচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। আনহাতে পাৰমাণৱিক অস্ত্ৰৰ বিৰোধিতাৰে এশখন দেশত কৰ্মৰত স্বেচ্ছাসেৱী সংস্থা আইচি এ এনলৈ চলিত বৰ্ষৰ শান্তিৰ নোৱেল বঁটা আগবঢ়োৱা হৈছে। নোবেল বঁটা কমিটীয়ে ইণ্টাৰনেচনেল কেম্পেইনটু এব্লিচ নিউক্লিয়াৰ ৱেপনচ চমুকৈ আই চি এ এনক নোবেল বঁটাৰ বাবে নির্বাচন কৰে। দহ বছৰ পূর্বে ২০০৭ চনত পৰমাণু অস্ত্ৰৰ বিৰুদ্ধে কাম কৰিছিল স্বেচ্ছাসেৱী সংস্থাটোৱে। বর্তমান এশখনৰো অধিক দেশলৈ সেৱা আগবঢ়োৱা সংস্থাটোৱে অষ্ট্ৰিয়াৰ ভিয়েনাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। বহুতো বেচৰকাৰী সংস্থাৰ উমৈহতীয়া মঞ্চ আই চি এ এনে পৰমাণু অস্ত্ৰৰ প্ৰসাৰ ৰোধ আৰু অৱলুপ্তিৰ লক্ষ্যৰে পৃথিৱীৰ বিভিন্ন প্রান্তত কাম কৰি আছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close