আন্ত-ৰাষ্ট্ৰীয়বিশেষবিশ্ব

প্রকৃতি প্রেমী ওকছ

জ্যোতি প্ৰসাদ শৰ্মা

গছ বা ফুল ভালপোৱা কোনো লোকে হয়তো তেওঁলোক থকা এপার্টমেণ্টত কেইজোপামান ফুল বা সৰু সৰু গছৰ পুলি টাবত ৰুব পাৰে। তাতকৈ আৰু বেছি গছ বা ফুল ৰুৱা সম্ভৱ জানো ? কিন্তু উইলিয়ামবাৰ্গৰ বাসিন্দা ছামৰা ৰায়েন ওকছৰ ১২০০ৰ বৰ্গ ফুটৰ এপার্টমেণ্টত ৫০০ প্রজাতিৰ ফুল আৰু গছ আছে। শুনি আচৰিত লাগিলেও এয়াই সত্য। সৰু আটকধুনীয়া ১২০০ বর্গফুটৰ এপার্টমেণ্ট এটাত মানুহ থাকিবলৈয়ে অসুবিধাতাতে আকৌ ৫০০ প্রজাতিৰ গছ৷ অসম্ভৱ যেন লাগিলেও ই সঁচা। যাৰ বাবে তেওঁ আজি সকলোৰে বাবে পৰিচিত হৈ পৰিছে। অত্যধিক ফুল আৰু গছৰ প্ৰতি ভালপোৱা থকা বাবেই তেওঁৰ বাবে এই অসম্ভৱ যেন লগা কার্যসম্ভৱ হৈ উঠিছে৷ ছামৰা ৰায়েন ওকছ পেছাত এগৰাকী মডেল। পিছে পেছাত মডেল হ’লেও তেওঁ পৰিৱেশ, স্বাস্থ্য আৰু খাদী আন্দোলনৰ লগতে নানা সামাজিক কামত জড়িত হৈ আহিছে। বিগত ১১ বছৰ ধৰি তেওঁ এই অসম্ভৱ যেন লগা কামকে কৰি আহিছে। তেওঁৰ ঘৰটোত ফলমূলৰ পৰা আৰম্ভ কৰি ঔষধি তথা নানা তৰহৰ সৌন্দৰ্যবৰ্দ্ধক সকলোধৰণৰ গছেই আছে। পৰিৱেশ বিভাগত শিক্ষা গ্রহণ কৰাওকছৰ আছে গছ-গছনি তথা পৰিৱেশৰ প্ৰতি সম্পর্ক বহু আগৰে পৰা। প্রেন্সিডেনিয়াৰ এক অঞ্চলৰ জীৱ-জন্তু ৰখা ঠাইত ওকছডিাঙৰ-দীঘল হৈছিল। তেতিয়াৰ পৰাই তেওঁৰ গছ তথা জীৱ-জন্তুৰ প্ৰতি এক গভীৰ সম্পর্ক গঢ় লৈ উঠিছিল।

এটা এপার্টমেণ্টত পাঁচশ জোপাকৈ গছতথা ফুলৰ বাগান কৰা সাধাৰণ কথা নহয়। কিয়নো গছপুলি ডাঙৰ-দীঘল হ’বলৈ পোহৰ, বতাহ আদিৰ লগত সম্পর্ক থকাটো জৰুৰী। পিছে ওকছ থকা এপার্টমেণ্টটোৰ উত্তৰ আৰু দক্ষিণে মুখামুখিকৈ আছে দুখন বেলকনি, যাৰ ফলত বতাহ, পোহৰে গছসমূহক স্পর্শকৰে। শোৱনি কোঠা, বাথৰুম, বহা কোঠা, পাকঘৰ আদি কতোৱেই অকনো ঠাই এৰি দিয়া নাই ওকছে। সকলোতে ৰুই গৈছে গছ। সুন্দৰ আৰু পৰিপাতিকৈ সজাই তুলিছে সৰু এপার্টমেণ্টত তেওঁৰ সপোনৰ বাগানখন।

ওকছৰ গছ-গছনিৰ প্ৰতি থকা অগাধ মোহ তথা পৰিৱেশ সন্তুলনৰ যি চেষ্টাই সঁচাকৈয়ে আদৰণীয়। বর্তমান সময়ত যিটো হাৰত বনাঞ্চলসমূহ ধ্বংস হ’বলৈ ধৰিছে তাৰ প্ৰতি লক্ষ্য কৰিলে অনাগত সময়ত আমি এক ভয়াৱহ সমস্যাৰ মুখামুখি হোৱাটো নিশ্চিত। গতিকে প্রকৃতি সংৰক্ষণৰ বাবে আমি সকলোৱে চিন্তা কৰা উচিত। যদি ওকাছে সৰু এটা এপার্টমেণ্টত পাঁচশ প্রজাতিৰ এখন বাগান গঢ়ি তুলিব পাৰে তথা প্রকৃতি সংৰক্ষণৰ নিদর্শন দাঙি ধৰিব পাৰে তেনেহ’লে আমি কিয় নোৱাৰো। আহক সকলোৱে মিলি প্রকৃতি সংৰক্ষণৰ বাবে গছ-গছনি ৰুই সেউজীয়া হৈ সুন্দৰভাৱে জীৱন উপভোগ কৰো। কিয়নো গছ থাকিলেহে আমি বাচি থাকিম।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close