বিজ্ঞানভাল খবৰ

ভাল খবৰঃ অসমত ইছৰ’

পোন প্রথমবাৰৰ বাবে অসমত ইছৰ'ৰ গৱেষণা কেন্দ্ৰ স্থাপনৰ লক্ষ্য

নিউজ ডেক্স

মঙল অভিযানেৰে বিশ্ববাসীক চমক দিয়া ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানত সম্প্রতি বিশ্বৰ পাঁচখন আগশাৰীৰ মহাকাশ বিজ্ঞানৰ গৱেষণা কৰা দেশৰ ভিতৰত ভাৰত অন্তৰ্ভুক্ত হৈছে। অকল মঙলযানেই নহয় অনাগত দিনত চন্দ্ৰত দ্বিতীয়বাৰৰ বাবে মানৱৰ অৱতৰণৰ ক্ষেত্ৰত ইতিমধ্যে পৰিকল্পনা প্রস্তুত কৰি তুলিছেইছৰাই। একেদৰেই জি এছ এল ভিৰ জৰিয়তে একেলগে এশতকৈয়ো অধিক কৃত্রিম উপগ্রহ মহাকাশত স্থাপন কৰি বিশ্বৰ ভিতৰতে অনবদ্য অভিলেখ ৰচিছে ইছৰাই। ইছৰাই এতিয়া অকল দেশৰেই কৃত্রিম উপগ্ৰহ মহাকাশত স্থাপন কৰিয়ে হাত সাৱটি থকা নাই। অইন দেশৰ কৃত্রিম উপগ্রহ মহাকাশত স্থাপন কৰি মহাকাশ গৱেষণাৰ ক্ষেত্ৰখন ব্যৱসায়িক ক্ষেত্ৰলৈ পর্যবেসিত কৰিছে। যাৰ ফলত দেশে লাভ কৰিছে বৃহৎ পৰিমাণৰ ৰাজহ। শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত চকু দিছে ভাৰতীয় মহাকাশ বিজ্ঞান প্রতিষ্ঠান চমুকৈ ইছৰাই।উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক ভূখণ্ডৰ গুৰুত্ব আৰু উত্তৰ-পূৰ্বাঞ্চলত থকা সম্পদসমূহৰ ওপৰত উপযুক্ত গৱেষণাৰ স্বর্থত ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠানে অসমত স্থাপন কৰিব এটি গৱেষণা কেন্দ্র। উক্ত গৱেষণা কেন্দ্ৰত পাৰিপার্শ্বিকতাৰ ওপৰত গৱেষণাৰ উপৰি শিক্ষা প্রদান কৰা হ’ব। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত এইসম্পৰ্কীয় এক আলোচনাত মিলিত হয় ইছৰ’ৰ অধ্যক্ষ ডঃ এ এছ কিৰণ কুমাৰে। ইছৰাই পোন প্রথমবাৰৰ বাবে অসমত গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ গৱেষণাৰ ক্ষেত্ৰত ইছৰ’ৰ এই কেন্দ্রটি উল্লেখনীয় হিচাপে বিবেচিত হ’ব। এই কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ, জীৱ-জন্তু, উদ্ভিদ আদিৰ ওপৰত গৱেষণা চলোৱাৰ উপৰি অসমক গ্ল’বেল পজিচনিং ছিষ্টেম চমুকৈ জিপিএছ, জিঅ’গ্রাফ্রিকেল ইনফৰমেচন ছিষ্টেম চমুকৈ জি আই এছ ছেটেলাইনট ৰিম’র্ট চেনঞ্জিঙৰ ক্ষেত্ৰত আগুৱাইনিব। লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত অনুষ্ঠিত আলোচনাৰ সময়তে মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ বৰাক আৰু ব্ৰহ্মপুত্ৰত থকা উদ্ভিদ আৰু জীৱ-জন্তুৰ বৈচিত্র্যতাৰ সন্দৰ্ভত ড° এ এছ কুমাৰক নতুন গৱেষণাৰ বাট মুকলি কৰিবলৈ আহবান জনায়। অসম চৰকাৰে ইছৰ’ৰ গৱেষণা কেন্দ্ৰটো স্থাপন কৰাৰ বাবত প্রয়োজনীয় ভূমি প্রদান কৰিব। ৰাজ্য চৰকাৰ আৰু ইছৰ’ৰ মাজত এই সম্পর্কে অতি শীঘ্ৰেই এম আইউ চুক্তি স্বাক্ষৰিত হ’ব। এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে অঞ্চলটোৰ বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু ইছৰাই উমৈহতীয়াভাৱে কাম কৰাৰ ক্ষেত্ৰত আনুষ্ঠানিক স্বীকৃতি লাভ কৰিব। ইছৰ’ৰ এই নতুন কেন্দ্ৰ স্থাপনৰ লক্ষ্যই অঞ্চলটোৰ বিজ্ঞানৰ ছাত্র-ছাত্ৰীসকলৰ মাজত আশা বতৰা কঢ়িয়াই আনিব। উত্তৰ-পূৰ্বাঞ্চলৰ মেধাৱী ছাত্রছাত্ৰীসকলে এই কেন্দ্ৰটোৰ যোগেদিয়ে নিজৰ গৱেষণা সম্পন্ন কৰি অঞ্চলটোৰ উন্নয়নৰ বাট প্রশস্ত কৰিব বুলি সচেতন মহলে আশা ব্যক্ত কৰিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close