অসমভাল খবৰ

IFFAৰ টিকট বিক্ৰীৰ 50% মুখ্যমন্ত্ৰীৰ পুজিলৈ : তাজ ভিভাণ্টাত বুজাবুজি চুক্তিত স্বাক্ষৰ

 

গুৱাহাটীৰ তাজ ভিভাণ্টা হোটেলত অনুষ্ঠিত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি সম্পন্ন হয় টাইমচ গ্ৰুপ আৰু পৰ্যতন নিগমৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। য’ত উপস্থিত থাকে টাইমছ অৱ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিনীত জৈন, worldwide media ৰ পৰিচালন সঞ্চালক দীপক লাম্বা, পৰ্যতন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, পৰ্যতন মন্ত্ৰী চন্দন ব্ৰহ্ম|

চুক্তি অনুসৰি আয়োজক হিচাপে ৰাজ্য চৰকাৰে IFFAৰ বাবে বিনিয়োগ কৰিব 23 কোটি টকা| আনহাতে ফিল্মফেয়াৰ এৱাৰ্ডৰ অনুষ্ঠানত বিক্ৰী হোৱা টিকটৰ ৫০ শতাংশ ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ আগবঢ়াব times of India group এ। সেইদৰে অনুষ্ঠানটোৰ জৰিয়তে  ২০০কোটি লোকক  অসম পৰ্যটন নিগমে সাঙুৰি লোৱাৰ লক্ষ্য স্থিৰ কৰিছে। এইক্ষত্ৰত পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে, এইবাৰৰ IFFAই বলিউড আৰু অসমৰ মাজত সাঁকোৰ সৃষ্টি কৰিব। ভাষণ প্ৰসংগত বিশ্বত অসমে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ হলে সাংস্কৃতিক দিশেৰে আগবাঢ়ব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close