আন্ত-ৰাষ্ট্ৰীয়বিশেষ

প্ৰথমতে মানৱীয়তা, পাছতহে সাংবাদিকতা

হেমন্ত শৰ্মা

সাংবাদিকতাৰ সংজ্ঞা কি? কোনোৱে কয় কলম-কেমেৰাৰ পেছাদাৰিত্ব। কোনোৱে কয় সাংবাদিকতা দৰাচলতে’পাব্লিক ছার্ভিচ’। সংবাদপত্রৰ জন্মলগ্ন পৰাই এই দ্বন্দ আছিল, ‘ব্যৱসায়িক স্বার্থ’ মগজুতলৈয়েই এজন সাংবাদিকে কর্মজীৱন অতিবাহিত কৰিবনে নে’ জনগণৰ স্বাৰ্থত কাম’ কৰিব তেওঁ? তাৰ উত্তৰ আজিও পোৱা নাই! তাৰ বিপৰীতে এই দুই দ্বন্দক কান্ধতলৈয়েই যুগ যুগ ধৰি বয়স বঢ়াইছে পৃথিৱীৰ প্রাচীনতম গণমাধ্যমে। ‘বাই দ্য পিপল, অৱ দ্য পিপল, ফৰ দ্য পিপল’, এই মন্ত্র পাঠ কৰা কোনোবা সংবাদকর্মী সাংবাদিকতাৰ পেছাতবৰ্তমান নাই বুলি ক’লে অত্যুক্তি কৰা নহ’ব।তাৰ বিপৰীতে পেটৰচিন্তাই বৰ্তমান পেছা। তেন্তে কি নিজস্ব বুলি একো নাই? অৱশ্যেই আছে। কিন্তু বেছিভাগ ক্ষেত্রতেই ‘কর্পৰেট কালচাৰ’এপাব্লিক ছার্ভিচৰ সলনি এজন পেছাদাৰীসাংবাদিককলৈযায়’উন্নত মানৰ চাকৰ’লৈ। যিঅতি বেছি নিজৰ আবেগক নিয়ন্ত্রণ কৰিব পাৰিছে, যিঅতি বেছি নিজৰ’মনৰ মানুহ’টোক’হত্যা’ কৰিব পাৰিছেতেঁৱেই হৈ পৰিছেবৰ্তমান সময়ত’শ্রেষ্ঠ’। বৰ্তমান এয়াই হৈ থকা নাইনে?সেয়েহে বহ্নিমানসোঁতৰবিপৰীতেকোনোবা নহয় কোনোবাইসাঁতুৰিবলৈ চেষ্টা কৰে। ব্যতিক্রম থাকেই। আৰু এই ব্যতিক্রমেই হৈপৰে উদাহৰণ, তেঁৱেই হৈ পৰে’পথ প্রদর্শক’। প্ৰায় এবছৰৰ আগৰ কথা। মনুষ্যত্ব অথবা সাংবাদিকতাৰ মাজত প্রকট দ্বন্দৰ’সকলো জীৱতকৈমানুহেইশ্ৰেষ্ঠ’, এই অনুভৱপুনৰবাৰ প্ৰতিষ্ঠা কৰিলে এজন সাংবাদিকে। সেই কথা পুনৰ প্ৰতিষ্ঠা হ’লএজন ফটোগ্ৰাফাৰৰ হাতত।একবিংশ শতিকাৰএনে এজন ব্যতিক্রমীফটো সাংবাদিকৰ কথাই ক’বলৈ ওলাইছো।
ভাৰতৰপৰাছিৰিয়াৰ দূৰত্ব ৪ হাজাৰ ২১১ কিলোমিটাৰ। আকাশমাৰ্গেৰেঅতিক্ৰম কৰিবলৈ লাগে প্ৰায় ৫ ঘণ্টা। দূৰত্বৰ কথা এইবাবেই কোৱা হৈছে যে আপুনি পঢ়িবলগীয়া কথাখিনি ওচৰৰ পৰা অনুভৱ কৰিব পাৰে। ঘটনাৰ স্থল ছিৰিয়া। অগ্নিগৰ্ভা ছিৰিয়া।যেন এটা জ্বলন্ত অগ্নি গোলক। নিমিষতে শেষ হৈছে শ শ জীৱন। এফালে গৃহযুদ্ধ আনফালে শৰণার্থী সমস্যা। সমগ্ৰ ছিৰিয়া যেনপ্ৰৱেশ কৰিছে’আইচিইউ’ত। তেজৰ খৰশ্ৰোতা নদীকবাধা দিব পৰা নাই কোনেও। কোনোবা মৰিছে মৰক, আগতে নিজৰপ্ৰাণটো বচাই লওঁ। এনে এক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ছিৰিয়াত। সেই ছিৰিয়াতে সাক্ষীহৈ ৰ’ল‘আনৰ জীৱন বচোৱা সাংবাদিক’ৰ উদাহৰণ। কান্ধত ওলমি আছে কেমেৰা।হাতদুখনকেৱল কেমেৰাত নাই, কোলাত এটা শিশু লৈ দৌৰিছেএজন সাংবাদিকে। জীৱন বচোৱাৰ পেছাত নিয়োজিত এই সাংবাদিকজনবৰ্তমান সময়তোছ’চিয়েল মিডিয়াৰ ট্রেণ্ডিং।
ঘটনা অনুসৰি সন্ত্রাসৰ খবৰ সংগ্রহ কৰিবলৈছিৰিয়ালৈ ঢাপলি মেলিছিল ফটো সাংবাদিক আলকাদেৰ হাবাকে। এদিন ঘটনাৰ ছবি সংগ্রহ কৰি আছিলতেওঁ। হঠাত্ সংঘটিত হয় এক বোমাবিস্ফোৰণ। দপদপাই জ্বলিছে বাসগৃহসমূহ। য’তে-ত’তে চিটিকি পৰি ৰৈছেসৰ্বমুঠ ১২৬ টা মৃতদেহ, যাৰ ভিতৰত ৮০ টাশৰীৰ আছিল শিশুৰ। হাবাকে কেমেৰাৰে তুলি লৈছে ঘটনাৰ পাছৰ ফটো। এটা এটা ক্লিক সাক্ষী হৈৰৈছে ‘মৃত্যু উপত্যকাৰ’। মানুহ আছে কিন্তু প্ৰাণ নাই। মানুহ আছে কিন্তু নাই কোলাহল।এনেতে হঠাৎ এক মৃদু কান্দোন শুনিবলৈ পালে হাবাতে। যেন মৰুভূমিতএটি সৰু চৰাইৰ অকলশৰীয়া মাত! হয়, এটা জীৱিত মানুহৰসম্ভেদ পায়েই দৌৰিগ’লসাংবাদিক আলকাদেৰ হাবাক। ক্ষত বিক্ষত শৰীৰটোত তেতিয়াও হৃদস্পন্দন আছিল। শৰীৰটো আছিল এটি শিশুৰ। কি কৰিবতেওঁ? খবৰ সংগ্রহ কৰবনেনে জীৱন বচাব? কোনো দ্বিধা নাই, দ্বন্দ্ব নাই, জীৱনৰবাবে জীৱন বছালে তেওঁ। কান্ধত কেমেৰা, কোলাত তুলিলৈ মৃতপ্রায় শিশুটোক লৈ আহিল নিৰাপদ স্থানলৈ। শিশুটিক তাতে থৈ পুনৰ উভতিল সেই স্থানলৈ। আৰু এটি শিশু…।কিন্তু, বচাব নোৱাৰিলে শিশুটিক। কেমেৰাকান্ধতেওলমি ৰ’ল, হাতদুখনে চকুদুটাক কিবা বাধা দিয়াৰ চেষ্টা কৰিলে তেওঁ। সেইদিনানাছিল মেঘ, তথাপি সৰিছিল বৰষুণ।বৰষুণ সৰিছেতেওঁৰ চকুৰ পৰা। সেই ছবিখনবন্দী হৈ ৰ’ল আন এগৰাকী সাংবাদিকৰ কেমেৰাত।
“সেই দৃশ্য আছিল ভীষণ ভয়ানক। মই দেখিছিলোমোৰ চকুৰসন্মুখতে শেষ হছেএটাৰ পাছত এটাকৈনিষ্পাপ শিশুৰ প্রাণ। সেই শিশুবোৰেমোৰ আঙুলিস্পৰ্শকৰিছিল আৰুযেন কৈছিল “মোক বচোৱা”। মই আৰুমোৰ সহকর্মীয়ে সিদ্ধান্ত লৈছিলো যে কেমেৰা বাদ দি মৃতপ্রায় মানুহবোৰকবচাব লাগে, বিশেষকৈ এই নিষ্পাপ প্ৰাণকেইটাক।আৰু আমি তাকে কৰি গৈছিলো”–সংবাদ মাধ্যমৰ আগত নিজৰ অভিজ্ঞতাৰ কথা এনেকৈয়েব্যক্ত কৰিছিলফটো সাংবাদিক আলকাদেৰ হাবাকে। আৰু যিজনেহাবাকৰ সেই ফটোখন তুলিছিল তেওঁ আছিল ফ’টো সাংবাদিক মহম্মদ আলৰাজী। তেওঁ কৈছিল,”মইপ্ৰায় প্ৰতিটো মুহূৰ্ত কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিলোঁ। এনেতে এই নবীন সাংবাদিকজনে কৰা কাম মোৰ চকুত পৰে।তেওঁৰ সেই কাৰ্যই আমাক গৌৰাৱান্বিত কৰিলে”। হয়। কেৱল আলৰাজীয়েই নহয় আলকাদেৰ হাবাকৰ কৰ্মৰ বাবে বিশ্বৰ প্ৰতিজন সাংবাদিকেই গৌৰাৱান্বিত। এনেকৈয়েপুনৰ প্ৰতিষ্ঠা হৈছিল সাংবাদিকতাত’মানৱীয় সংজ্ঞা।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close