বিনোদনৰাষ্ট্ৰীয়শীৰ্ষ

ৱেব চিৰিজত জাহ্নৱী

নিউ জেনেৰেছনৰ জনপ্ৰিয় অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম প্ৰয়াত শ্ৰীদেৱীৰ কন্যা জাহ্নৱী কাপুৰ। “ধড়ক” ছবিখনৰ জৰিয়তে বলিউডত এন্ট্ৰি কৰা জাহ্নৱীয়ে এতিয়া বি টাউনত লাভ কৰিছে ব্যাপক চৰ্চা। অভিনয়ৰ প্ৰতি থকা প্ৰৱল দক্ষতাৰ বাবেই মাত্ৰ এখন চিনেমা কৰিয়েই তাৰকাত পৰিণত হৈছে জাহ্নৱী।

শেহতীয়াকৈ জাহ্নৱী অনুৰাগীলৈ আহিছে আন এক ভাল খবৰ। কিয়নো এইবাৰ জাহ্নৱীক দেখা পোৱা যাব ৱেব চিৰিজত। এই ৱেব চিৰিজখনৰ পৰিচালনাৰ দায়িত্বত আছে জয়া আখতাৰ। ভৌতিকধৰ্মী ছবিখনত জাহ্নৱীক এক ব্যতিক্ৰমী চৰিত্ৰত দেখা পোৱা যাব। ৩০ মিনিটৰ দৈৰ্ঘ্যৰ এই ছৰ্ট ফিল্মখনত জয়া আখতাৰক সহযোগ কৰিছে অনুৰাগ কাশ্যপ, কৰন জহৰ আৰু দিবাকৰ বন্দোপাধ্যায়। ৱেব চিৰিজখনৰ নাম ” ঘোষ্ট ষ্ট’ৰী”।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close