বিশেষভাল খবৰৰাষ্ট্ৰীয়শীৰ্ষ

ৰেলৱে স্টেশনৰ পৰা বলিউডলৈ ৰাণুৰ যাত্ৰা

জীৱনৰ গতি সলনি হল ৰাণু মন্ডলৰ : বলিউডত প্ৰথমটো খোজ ৰাণুৰ

  1. মানুহৰ জীৱনচক্ৰ কত কেতিয়া সলনি হয় সেয়া হয়তো কোনেও নাজানে। এই বাক্যশাৰী আখৰে আখৰে প্ৰতিফলিত হল ৰাণু মন্ডলৰ সৈতে। সৌ সিদিনালৈকে ৰেল ষ্টেচনত গীত গাই পেট প্ৰৱৰ্তোৱা ৰাণু মন্ডল এতিয়া হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু । পশ্চিম বংগৰ ৰানাঘাটৰ বাসিন্দা ৰাণুৱে কিছুদিন পূৰ্বলৈকে কলকাতাৰ ৰেল ষ্টেচনত স্ৱনামধন্য সংগীতশিল্পী লতা মঙ্গেশকাৰৰ গীত গাই যাত্ৰীসকলক আমোদ প্ৰদান কৰিছিল। কেৱল লতাজীৰে নহয় তেওঁৰ কন্ঠত প্ৰাণ পাইছিল বলিউডৰ জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগনিক, অনুৰাধা পাড়োৱাল আদিৰ সংগীতো। কিন্তু কিছুদিনপূৰ্বে তেওঁ গোৱা লতাজীৰ “এক প্যাৰ কা নাগমা হে” শীৰ্ষক গীতটোৰ কলিয়ে চচিয়াল মিডিয়াত তীব্র খলকনি তুলিছিল।

আৰু এয়াই আছিল ৰাণুৰ জীৱনৰ টাৰ্নিং পইন্ট। ইয়াৰ পিছতেই ৰাণুৰ ভাগ্যৰ চকৰী সলনি হৈছিল। পূৰ্বৰ ৰাণু আৰু এতিয়াৰ ৰাণুৰ মাজত আকাশ পাতাল পাৰ্থক্য। কলকাতা, মুম্বাই, কেৰেলা, বাংলাদেশ আদিৰ লগতে বিভিন্ন প্ৰান্তৰ ৰিয়েলিটী শ্বৰ পৰাও ৰাণুলৈ আহিছিল অফাৰ। ৰাণুৰ ভাইৰাল হোৱা ভিডিঅত চকু পৰিছিল বিলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কন্ঠশিল্পী হিমেশ ৰেছমিয়াৰো। লগে লগেই কন্ঠশিল্পীগৰাকীয়ে ৰাণুলৈ আগবঢ়াইছিল তেওঁৰ আহিবলগীয়া এখন ছবিত কন্ঠদানৰ অফাৰ। ইয়াৰ পিছতেই ৰাণু উৰা মাৰিছিল মায়ানগৰীলৈ। শেহতীয়াকৈ ৰাণুৱে হিমেশ ৰেছমিয়াৰ সৈতে তেওঁৰ আহিবলগীয়া ছবি “হেপী হাৰ্ডি এন্ড হীৰ” নামৰ ছবিখনৰ টাইটৈল চংটোত একেলগে কন্ঠ নিগৰাইছে।

ইতিমধ্যে তীক্ষ্ণ গতিত ভাইৰাল হৈ পৰিছে এই চংটো। সকলোৰে মুখে মুখে এতিয়া গীতটোৰ কলি। উল্লেখযোগ্য যে, হিমেশ ৰেছমিয়াৰ এই বিশেষ মহানুভৱতাক এতিয়া সকলোৱে প্ৰশংসাৰে উপচাই পেলাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close