অসমবিশেষশীৰ্ষসাংস্কৃতিক

ৰূপম ৰাজৰ “ধলা-শদিয়াৰ দলং” গীতৰ মুক্তি

বিগত বছৰৰ দৰে এইবছৰো ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা উদীয়মান কণ্ঠ শিল্পী তথা “জানমনি গুণা‍ গথা চলি আছে তোমাক বিয়া দিবলৈ”, “ঔ চেনি মাই মাই, তোৰ ৰঙা গাল দুখনি, চুই চাওঁ চাওঁ লাগি যায়” আদি দৰে বহুতো জনপ্ৰিয় গীত ৰচোঁতা ৰূপম ৰাজৰ কণ্ঠত প্ৰথমবাৰলৈ “ধলা-শদিয়াৰ দলং” শীৰ্ষ বিহু গীতটি যোৱা ইং ২১ নৱেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ B-Type Studio ত বিশিষ্ট ব্যক্তি তথা লুইতপৰীয়া শাখা সাহিত্য সভা প্ৰতিষ্ঠাপক সভাপতি দ্বিজেন্দ্ৰ নাথ ৰ্শমাদেৱৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে ধেমাজিৰ উদীয়মান লেখক, কবি গোলাপ চাংমাই আৰু B-Type Studeo স্বতাধিকাৰ নীল আকাশ হাজৰিকাৰে গীতটি শুভ উন্মোচন কৰে । গীতটি শুভ উন্মোচনী অনুষ্ঠানত কণ্ঠশিল্পী ৰূপম ৰাজ, নয়ন নাহৰ, সদৌ অসমীয়া শক্তি মঞ্চ ডিব্ৰুগড় জিলা সম্পাদক ধ্ৰুবজ্যোতি গগৈ, সাংস্কৃতিক কৰ্মী ৰূপম উপস্থিত থকা উপৰিও বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত উপস্থিত থকা সকলো ব্যক্তিয়ে সদৌ অসমবাসী ৰাইজক গীতটি আদৰি লবলৈ অনুৰোধ জনোঁৱা লগতে গীতটিৰ প্ৰসঙ্গত গীতটিত যে থলুৱা অসমীয়াৰ প্ৰকৃত সোৱাদ বিচাৰি পোৱা গৈছে লগতে গীতটিত হেৰাই যাব ধৰা অসমীয়া হিয়া আমঠু ঢোলৰ চাপ প্ৰকাশ পাইছে তাৰো মন্তব্য কৰিছে । গীতটিত  ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দেৱৰ জন্মস্থান শদিয়াৰ নাম উল্লেখ কৰাৰ ওপৰিও অসমৰ বিভিন্ন ঠাই নাম সাঙোৰি গীতটি অতি সুন্দৰ ভাৱে উপস্হাপন কৰিছে । গীতটিত ৰূপম ৰাজৰ লগতে কণ্ঠ নিগৰাছে উদীয়মান কণ্ঠশিল্প তথা “মোৰ দেশ মোৰ মাটি” খ্যাত শিল্পী নয়ন নাহৰে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close