অসমক্ৰীড়াঙ্গণবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ৰাষ্ট্ৰীয় ৰ’লবললৈ অসমৰ খেলুৱৈ

অসমৰ ক্ৰিয়াপ্ৰেমীলৈ আন এক সুখবৰ। আগন্তুক ১৫-২০ নৱেম্বৰলৈ চেন্নাইত অনুষ্ঠিত হবলগীয়া পঞ্চম বিশ্বকাপ ৰ’লবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলৰ শিবিৰলৈ এইবাৰ আমন্ত্ৰণ পাইছে অসমৰ চাৰিগৰাকী খেলুৱৈয়ে।তথ্য অনুসৰি এই চাৰিগৰাকী খেলুৱৈ ক্ৰমে- মনীষা বড়ো, নিকিতা বৰুৱা, মানসজ্যোতি গগৈ আৰু বৰ্মন অম্লান কাৰ্গিল। উল্লেখযোগ্য যে, এই ৰাষ্ট্ৰীয় দলৰ প্ৰস্তুতি শিবিৰ আগন্তুক ১-৮ অক্টোবৰত গুজৰাটৰ চুৰাটত অনুষ্ঠিত হব বুলি জানিব পৰা গৈছে। এইদৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ ৰ’লবল শিবিৰত অসমৰ খেলুৱৈয়ে আমন্ত্ৰণ পোৱাটো নিঃসন্দেহে ই এক ভাল খবৰ বুলিয়েই কব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close