অসমচিন্তাজগতভাল খবৰশীৰ্ষ

ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত হস্তশিল্পী জীতেন বৰা 

কামপুৰৰপৰা  ৰূপ জ্যোতি ভূঞা, ভাল খবৰ: ভাস্কৰ্য শিল্পকৰ্মৰ জৰিয়তে নিজকে চিনাকি দিবলৈ সক্ষম হোৱা তথা কাঠ অাৰু বাঁহৰ শিল্পকৰ্মৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নগাঁও জিলাৰ কামপুৰৰ এগৰাকী অন্যতম শিল্পী হ’ল জিতেন কুমাৰ বৰা। মাত্ৰ ডেৰ বছৰ বয়সতে পিতৃক হেৰুৱাই শিল্পীজনে নিজৰ জন্মস্থান ভজো কাকতিবাৰী এৰি কামপুৰ পাচনীজাৰত থাকিবলৈ লয়। ইয়াতে পঢ়াশুনাৰ লগতে কাঠৰ কৰ্মৰ প্ৰতি শিল্পীজন অাগ্ৰহী হয়। পৰিয়ালৰ কোনো সদস্যই এই বৃত্তিত নাছিল যদিও নিজ অধ্যৱসায়ৰ বলতে জিতেন কুমাৰ বৰা অাজি এগৰাকী সুনিপুন শিল্পী ৰূপে পৰিচিত।

১৯৮০ চনৰ পৰা ১৯৯১ চনলৈ তেওঁ কামপুৰত ‘Cane and Bamboo Industry’ নামৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ জৰিয়তে নিজৰ হস্তশিল্পৰ ব্যৱসায় তথা কৰ্ম কৰিবলৈ অাৰম্ভ কৰে। এই কালছোৱাতে নগাঁও জিলা উদ্যোগ বিভাগে অায়োজন কৰা ‘সদৌ ভাৰত হস্তশিল্প সপ্তাহ’ ৰ এক প্ৰতিযোগিতামূলক প্ৰদৰ্শনীত বৰাই ১৯৮১ চনত তৃতীয় স্থান, ১৯৮২ চনত কাঠৰ শিল্প প্ৰদৰ্শনীত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে তেওঁ নগাঁও জিলাখনতে তেওঁৰ শিল্পকৰ্মৰ বাবে ১৯৮৪ চনৰ পৰা ১৯৯০ চনলৈকে একেৰাহে প্ৰথম স্থান পাই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

অানহাতে, শ্ৰেষ্ঠ শিল্পী সাহাৰ্য অাঁচনিৰ অধীনত নগাঁও জিলা উদ্যোগ কেন্দ্ৰই বাচনি কৰি দিয়া অৰ্ধশতাধিক পুৰুষ- মহিলাক এই সময়ছোৱাত হস্তশিল্পৰ প্ৰশিক্ষণো প্ৰদান কৰিছিল শিল্পী জিতেন কুমাৰ বৰাই।

উল্লেখ্য যে, শিল্পীজনে বিশেষ কাৰণত কামপুৰৰ পৰা কিছুদিন শিৱসাগৰৰ মৰাণত থাকিবলৈ লয় অাৰু তাতো শিল্পী জিতেন বৰাই ‘মাষ্টাৰ ক্ৰাফট চেণ্টাৰ’ নামেৰে এক প্ৰতিষ্ঠান খুলি ইয়াৰ দ্বাৰাই পৰিয়াল পোহপাল দি অাহিছে। অানুষ্ঠানিকভাৱে কোনো প্ৰশিক্ষণ নোলোৱা শিল্পীজনে নিজে এই কৰ্মৰ জৰিয়তে অাত্মনিৰ্ভৰশীল হোৱাৰ লগতে পত্নীসহ এজন পুত্ৰ অাৰু দুগৰাকী কন্যাক বিয়াৰ পৰা অাৰম্ভ কৰি পৰিয়াল ভৰণ-পোষণৰ সকলো দায়িত্ব চম্ভালি অানৰো অাদৰ্শ শিল্পী হিচাপে পৰিচিত হৈছে।

এইজন ভাস্কৰ্য শিল্পীৰ হাতৰ পৰশত বিশেষকৈ কাঠ অাৰু বাঁহত উজলি উঠিছে দেশ- বিদেশৰ বহুকেইগৰাকী ৰাজনৈতিক ব্যক্তি, শিল্পী, বিজ্ঞানীৰ প্ৰতিচ্ছবিকে ধৰি বহু অাকৰ্ষণীয় বস্তু।

শিল্পীজনে ২০০৯ চনত কুটীৰ, ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগৰ বিকাশ তথা অতুলনীয় উদ্যমী গুণ অাৰু গুণগত উৎপাদনৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাবে অাগবঢ়োৱা বিশেষ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। নতুন দিল্লীত অায়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই ৰাষ্ট্ৰীয় বঁটা শিল্পীগৰাকীক প্ৰদান কৰে কেন্দ্ৰীয় গুৰু অাৰু লঘু উদ্যোগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী দিনচা পেটেলে।

অানহাতে মুম্বাইৰ এক অনুষ্ঠানত শিল্পীজনৰ কলা- কুশলীত বিভোৰ হৈ কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ বিভাগৰ চেয়াৰ পাৰচন কুমুদ যোশীয়েও ভূয়সী প্ৰশংসা কৰে শিল্পীগৰাকীক। বিগত বৰ্ষত নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা জিতেন বৰাদেৱে নৰেন্দ্ৰ মোদীৰ এটি কাঠৰ প্ৰতিমূৰ্তি বনাই তেওঁক উপহাৰ স্বৰূপে প্ৰদান কৰিছিল। বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ পৰা পোৱা সম্বৰ্ধিত হোৱা নীৰৱ সাধক বৰাই ভৱিষ্যতে নিজৰ শিল্প কৰ্মখিনি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদৰ্শিত কৰাৰ অাশা পুহি ৰাখিছে ।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close