অসমবিশেষশীৰ্ষ

ৰাষ্ট্ৰীয় ঘাইপথসমূহত নাথাকিব স্পীড ব্ৰেকাৰ-ৰাম্বল ষ্ট্ৰীপ

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ

ৰাষ্ট্ৰীয় ঘাইপথসমূহত এতিয়া আৰু নাথাকিব স্পীড ব্ৰেকাৰ আৰু ৰাম্বল ষ্ট্ৰীপ। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সকলো স্পীড ব্ৰেকাৰ আঁতৰোৱাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে যান–বাহনসমূহ চলাচল কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই।ফাষ্টেগ ব্যৱস্থা কাৰ্যকৰীকৰণৰ বিশেষকৈ টোলগে’টবোৰ যান–জঁটমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে কৈছে যে ফাষ্টেগ কাৰ্যকৰীকৰণ আৰু নগদ ধনৰ টোল লেনবোৰক ফাষ্টেগ লেনলৈ পৰিৱৰ্তি কৰাৰ পিছতে স্পীড ব্ৰেকাৰ তথা টোল প্লাজাত থকা ৰাম্বল ষ্ট্ৰীপবোৰ আঁতৰাই দিয়া হৈছে, যাতে যান–বাহনসমূহ মসৃণভাৱে অহাযোৱা কৰিব পাৰে।‘স্পীড ব্ৰেকাৰে যাত্ৰাপথত বিলম্বৰ সৃষ্টি কৰে, গাড়ীৰ যাত্ৰীসকলৰ মাজত অস্বস্তিৰ সৃষ্টি কৰে, গাড়ী নষ্ট কৰে আৰু ইন্ধনৰ খৰচ বৃদ্ধি কৰে। এই পদক্ষেপে সময়ৰ লগতে ধন ৰাহি কৰিব আৰু গাড়ীসমূহৰ মসৃণ যাত্ৰা নিশ্চিত কৰিব। যাৰ দ্বাৰা উপকৃত হ’ব এম্বুলেঞ্চ, বয়োজ্যেষ্ঠ আৰু অসুস্থ লোকসকল।’ – বিবৃতিত প্ৰকাশ মন্ত্ৰণালয়ৰ।উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথত থকা টোল প্লাজাবোৰৰ সকলো পথ ১৫ ডিচেম্বৰৰ ভিতৰত ফাষ্টেগ লেন হিচাপে ঘোষণা কৰাটো বাধ্যতামূলক কৰিছিল। পিছত এই সময়সীমা ১৫ দিন বৃদ্ধি কৰা হৈছিল।চেন্ট্রেল টোল প্লাজা ট্ৰাফিক মনিটৰিং ছিষ্টেমৰ তথ্য অনুসৰি, দৈনিক গড়ে প্ৰায় ৬ মিলিয়ন যান–বাহন পাৰ হয় টোল বুথেৰে। টোল প্লাজাত বছৰি ১২০০০ কোটি টকাৰ ইন্ধন অপচয় হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close