অসমক্ৰীড়াঙ্গণবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

ৰাষ্ট্ৰীয় মিনি ভলীবল দলত স্থান লাভ সৰভোগৰ চন্দ্ৰিমাৰ

ছহিজুল আলী,সৰভোগ

ৰাষ্ট্ৰীয় মিনি ভলীবল দলত স্থান লাভেৰে বৰনগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে সৰভোগৰ চন্দ্ৰিমাই। উল্লেখ্য অহা এপ্ৰিল মাহত ৰাজস্থানত অনুষ্ঠিত হব লগীয়া ৰাষ্ট্ৰীয় মিনি ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব লগীয়া ৰাষ্ট্ৰীয় দলটোত সৰভোগৰ বগুলামাৰী গাৱৰ চন্দ্ৰিিমাই স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অসম ভলীবল সন্থাৰ তত্বাৱধানত আৰু পুব নলবাৰী কোচিং চেন্টাৰৰ উদ্যোগত যোৱা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত ল’ৰা আৰু ছোৱালীৰ আন্ত জিলা মিনি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত অসমৰ ল’ৰাৰ ২০ টা দল আৰু ছোৱালীৰ ১১ দলে অংশ গ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত ৰাজস্থানত এপ্ৰিল মাহত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় মিনি ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে গঠন কৰা উক্ত দলত বৰপেটা জিলা দলটোৰ খেলুৱৈৰ মাজৰ পৰা বৰপেটা চহৰৰ তৰা দাস আৰু সৰভোগৰ পি আৰ চন্দ্ৰিমাই স্থান লাভ কৰে। চন্দ্ৰিিমা সৰভোগৰ বগুলামাৰী গাৱৰ প্ৰবীন কুমাৰ ৰয় আৰু ৰুবী তৃষ্ণা চাঁদৰ জীয়ৰী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close