অসমভাল খবৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ আপাতকালীন পৰিস্থিতিৰ সহায়ৰ বাবে টোল ফ্ৰী নম্বৰ মুকলি

কামৰূপ জিলাত জনসাধাৰণ জ্ঞাতাৰ্থে এই নম্বৰ ফলক আৰি দিয়াৰ আহ্বান সচেতন মহলৰ

পঙ্কজ নাথ, চাংসাৰি, ভাল খবৰ: সমগ্ৰ দেশতে বৰ্তমান সময়ত আটাইতকৈ ভয়ংকৰ হৈ পৰিছে প্ৰতিদিনে সংঘটিত হৈ থকা পথ দুৰ্ঘটনাত নিহত আৰু আহত হোৱা দুখ আৰু বেদনা দায়ক ঘটনা সমূহ আৰু ইয়াক লৈ সৃষ্টি হোৱা ভয়ানক পৰিস্থিতিৰ। এই সমূহৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এনে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হোৱাসকলৰ সহায়ৰ বাবে এটি টোল ফ্ৰী নম্বৰ মুকলি কৰিছে যাৰ দ্বাৰা জনসাধাৰণে ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা অথবা কোনো ধৰণৰ জৰুৰী কালীন অৱস্থাৰ সন্মুখীন হ’লে সেই নম্বৰত ফোন কৰি সহায় লাভ কৰিবলৈ সক্ষম হ’ব।

বৃহস্পতিবাৰৰ পৰা মুকলি হোৱা এই টোল ফ্ৰী নম্বৰৰে দেশৰ সকলো ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা অথবা জৰুৰী পৰিস্থিতিৰ সন্মুখীন হোৱা জনসাধাৰণে সহায়ৰ বাবে ১০৩৩ টোল ফ্ৰী নম্বৰটো ব্যৱহাৰ কৰিব পাৰিব । সেইদিনা মুকলি হোৱা ১০৩৩ নম্বৰৰ এই টোল ফ্ৰী নম্বৰটোত ফোন কৰাৰ লগে লগে সংশ্লিষ্ট এলেকাৰ আৰক্ষী, চিকিৎসকৰ লগতে এম্বুলেন্স সেৱা তৎকালীনভাৱে উপলব্ধ হ’ব বুলি জানিবলৈ পোৱা গৈছে ।

এই ১০৩৩ টোল ফ্ৰী নম্বৰটো বহুভাষিক হোৱাৰ কথা কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে আনুষ্ঠানিকভাৱে নম্বৰটো মুকলি কৰাৰ সময়ত জানিবলৈ দিছিল। নম্বৰটো আনুষ্ঠানিক ভাৱে সমগ্ৰ দেশত বৃহস্পতিবাৰে মুকলি কৰাৰ মুহূৰ্তত আমাৰ অসমতো ইয়াৰ শুভাৰম্ভনী ঘটিছে। বৃহস্পতিবাৰে ৰাজ্যৰ এগৰাকী সক্ৰিয় প্ৰশাসনিক বিষয়া বৰপেটা জিলাৰ পৰিবহন বিষয়া গৌতম দাসে এই ক্ষেত্ৰতো অধিক সক্ৰিয়তা অৱলম্বন কৰি বৰপেটা জিলা উপায়ুক্ত থানেশ্বৰ মালাকৰ, জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত হাউলিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথকে আদি কৰি জিলাখনৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ সমূহত পোন প্ৰথমে এই আপাত কালীন টোল ফ্ৰী নম্বৰৰ ফলক মুকলি কৰি ও আৰি জনসাধাৰণৰ সহায়ৰ বাবে আগবাঢ়িছে বুলি জানিব পৰা গৈছে।

সেয়েহে বৰপেটাৰ জনসাধাৰণে ইয়াৰ বাবে যেনেকৈ আগন্তুক সময়ত উপকৃত হবলৈ ওলাইছে ঠিক তেনেদৰে কামৰূপ জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ সমূহ থকা প্ৰত্যেকটো অঞ্চলত অতি শীঘ্ৰেই জিলা খনৰ সাধাৰণ জনতাৰ জ্ঞাতাৰ্থে এই আপাত কালীন টোল ফ্ৰী নম্বৰৰ ফলক আৰি জনসাধাৰণক সহায়ৰ হাত আগবঢ়াবলৈ কামৰূপ জিলা ও আৰক্ষী প্ৰশাসনৰ লগতে পৰিবহন বিষয়া প্ৰবীণ বিহাৰী দাসক কামৰূপ জিলাৰ সচেতন মহলে আহ্বান জনাইছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close