ক্ৰীড়াঙ্গণশীৰ্ষ

ৰাণিং ট্রেকত দূর্দান্ত গতিত ধিং এক্সপ্ৰেছ

২১ দিনত ৫টাকৈ স্বর্ণ

 ‘তিনি সপ্তাহত ৫টা | স্বর্ণ পদক! হিমা দাস, এয়া সঁচাকৈয়ে দুর্দান্ত প্রদর্শন তুমি এনেদৰেই দুৰন্ত গতিৰে আগুৱাই | যােৱা আৰু জিলিকি থাকা তােমাৰ এই সফলতাই ২০২০ চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয় বার্তা কঢ়িয়াই আনক, তাৰেই কামনা কৰিছাে‘ – ৰাষ্ট্রপতি কোবিন্দ অসমৰ স্বৰ্ণ কন্যা হিমা দাসে ইউৰােপত মাত্র ২১ দিনৰ ভিতৰতে বিভিন্ন দৌৰ প্রতিযােগিতাত ৫টাকৈ স্বর্ণ পদক অর্জন কৰাৰ পাছত এনেদৰে অসমীয়াতে টুইট কৰিলে স্বয়ং ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে শনিবাৰে চেক গণৰাজ্যৰ মেটুজি গ্রা প্রী এথলেটিকছু প্রতিযােগিতাৰ মহিলাৰ ৪০০ মিটাৰ দৌৰত ৫২.০৯ ছেকেণ্ডৰে স্বর্ণ পদক জয় কৰি হিমাই এই সাফল্য অর্জন কৰে ইউৰােপৰ বিভিন্ন এথলেটিকছু প্রতিযােগিতাত অসম কন্যা হিমা দাসে মাত্র তিনি সপ্তাহৰ ভিতৰতে ৫টাকৈ স্বর্ণ পদক অর্জন কৰাৰ বাবে ভাৰতৰ জনপ্রিয় দুগ্ধজাত সামগ্রী প্রতিষ্ঠান আমূলে শেহতীয়া বিজ্ঞাপনত এই কৃতিত্বৰ পৰিচয় দাঙি ধৰিছে দাস দ্য ৱে টু ’, গার্লশীর্ষক কার্টুনেৰে হিমাক আমূল গার্ল ৰূপত প্রদর্শন কৰা হৈছে বিদেশৰ মাটিত সমাগত স্বর্ণ পদকেৰে সমগ্ৰ ভাৰতবাসীৰ নয়নৰ মণি হৈ পৰা হিমাক লৈ আমূলে এই বিজ্ঞাপনটো তৈয়াৰ কৰিছে

লক্ষণীয় যে সম্প্রতি অসমৰ বিধ্বংসী বানপানীৰ বাবে চিন্তিত হিমাই নিজৰ কৰ্ম প্রতিষ্ঠান ইণ্ডিয়ান অইল কৰ্পৰেচনৰ পৰা লাভ কৰা মাহেকীয়া দৰ্মহাৰ আধা অংশ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াই আন এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে চলিত বছৰৰ এপ্রিলত পিঠিৰ বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিব নােৱাৰাৰ পাছত ৪০০ মিটাৰ দৌৰত হিমাই প্রথমবাৰলৈ প্রতিযােগিতাত নামে ২০২০ অলিম্পিকৰ কথা মনত ৰাখি প্রশিক্ষকে হিমাক এই ইভেন্টত অংশগ্রহণ কৰিবলৈ সুযােগ দিয়ে ৪০০ মিটাৰ ইভেণ্টত হিমাৰ এয়া ছিজনৰ শ্রেষ্ঠ সময় ছিজনৰ আৰম্ভণিতে হিমাই ৫২.৮৮ ছেকেণ্ডৰে ৪০০ মিটাৰ দৌৰ সমাপ্ত কৰাৰ পাছত তেওঁ শেহতীয়া দৌৰৰ সময় যথেষ্ট উন্নত হৈছে মাত্র তিনি সপ্তাহৰ ভিতৰতে বিদেশত ৫টা স্বর্ণ পদক অর্জন কৰাৰ বাবে ৰাষ্ট্রপতি কোবিন্দৰ লগতে দেশৰ বিভিন্ন ছেলিব্রিটিয়ে হিমাক অভিনন্দন জনাইছে ইয়াৰ ভিতৰত আছে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডী, বলিউডৰ তাৰকা অভিনেতা অমিতাভ বচ্চন, চলচ্চিত্র পৰিচালক শ্বেখৰ কাপুৰ, অভিনেত্রী মল্লিকা ছেৰাৱট, বিশিষ্ট সাংবাদিক ৰজত শর্মা, ভাৰতীয় ক্রিকেট দল, সাংসদ গৌতম গম্ভীৰ, ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্র, অল ইণ্ডিয়া ৰেডিঅ’, প্রাক্তন ক্রিকেটাৰ বিনােদ কাম্বলী, পঞ্জাবৰ মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিং, অভিনেতা ৰাজ কুমাৰ ৰাও, অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খান্দু, অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, বিত্ত মন্ত্রী ° হিমন্ত বিশ্ব শর্মা, অসম পুলিচ আদিতাৎপর্যপূর্ণভাৱে ক্রিকেটৰ ভগৱান তথা ভাৰতৰত্ন শচীন তেণ্ডুলকাৰে দৌৰৰাণী হিমা দাসক টুইটাৰত শুভেচ্ছা জনােৱাতে ক্ষান্ত নাথাকি দেওবাৰে বিয়লি টেলিফোন কৰিও হিমাক শুভেচ্ছা তথা আশীর্বাদ জনায় এনে শুভেচ্ছা তথা আশীর্বাদ শিৰত লৈ আগন্তুক টকিঅঅলিম্পিকত সর্বোচ্চ উজাৰি ট্ৰেকত নামিব বুলিও হিমাই শচীন তেণ্ডুলকাৰক আশ্বাস প্রদান কৰে যােৱা বছৰ অনুষ্ঠিত এছিয়ান গেমছত তেওঁ ব্যক্তিগত শ্রেষ্ঠ সময় দাঙি ধৰি ৫০.৭৯ ছেকেণ্ডৰে এই দূৰত্ব সমাপ্ত কৰিছিল ইউৰােপত যােৱা জুলাইৰ পৰা আৰম্ভ কৰা প্রতিযােগিতাত ১৯ বছৰীয়া হিমাই পঞ্চমটো স্বর্ণ পদক অর্জন কৰি সকলােকে চমকিত কৰিছে পােলেণ্ডৰ পজনান এথলেটিকছু গ্রা প্ৰীৰ ২০০ মিটাৰ দৌৰত স্বর্ণ জয় কৰাৰ সময়ত হিমাই ২৩.৬৫ ছেকেণ্ড সময় লৈছিল ইয়াৰ পাছতেই জুলাইত পােলেণ্ডৰ কুটনএথলেটিকছু প্রতিযােগিতাৰ ২০০ মিটাৰত ২৩.৯৭ ছেকেণ্ডৰে অসম কন্যাগৰাকীয়ে স্বর্ণ পদক জয় কৰে কিন্তু ১৩ জুলাইত চেক গণৰাজ্যৰ ক্লাডন এথলেটিকছু প্রতিযােগিতাৰ ২০০ মিটাৰ দৌৰত ২৩.৪৩ ছেকেণ্ডৰে হিমাই তৃতীয়টো স্বর্ণ পদক লাভ কৰে চেক গণৰাজ্যৰ টাবৰ এথলেটিকছু প্রতিযােগিতাৰ ২০০ মিটাৰ দৌৰত ১৫ দিনৰ ভিতৰতে হিমাই চতুর্থটো সােণৰ পদক অর্জন কৰে লক্ষণীয়ভাৱে জাকার্তাৰ এছিয়ান গেমছৰ x মিটাৰ ৰিলে দৌৰত ভাৰতে ৰূপৰ পদক অর্জন কৰিছিল যদিও স্বর্ণ পদক লাভ কৰা বাহৰেইন দলৰ এগৰাকী খেলুৱৈয়ে নিষিদ্ধ ঔষধ সেৱন কৰা বুলি প্রমাণিত হােৱাত হিমাৰ বাবে আন এক স্বর্ণ পদক অর্জন কৰাৰ সম্ভাৱনা আছে

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close