অসমক্ৰীড়াঙ্গণভাল খবৰ

ৰাজ্যিক ভিত্তিত অনুষ্ঠিত উশ্বুত জিলিকিল বিশ্বনাথ জিলা উশ্বু সন্থা

ৰূপজ্যোতি শইকীয়া,বিশ্বনাথ চাৰিআলি

গুৱাহাটী মালিগাঁও স্থিত ইনডৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা ১৪ জুলাইলৈকে অনুষ্ঠিত হোৱা ষোল্ল তম চাব জুনিয়ৰ ৰাজ্যিক ভিত্তিত উশ্বু প্ৰতিযোগিতাত বিশ্বনাথ জিলা উশ্বু সন্থাই চাৰিটা সোণ, ছটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় । এই প্ৰতিযোগিতাত ২৭ খন জিলাৰ ৩৫০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল । প্ৰতিযোগিতাত সোণৰ পদক দখল কৰা খেলুৱৈ সকল ক্ৰমে স্নেহাচিচ মিত্ৰ, ৰিকি খাৰ্ক, পিয়ানি পাতৰ আৰু মাঞ্চিলতা হাজদা । ৰূপৰ পদক অৰ্জন কৰে ৰাহুল ঘৰচানে(২টা) , গজেন বসুমতাৰী, ইনু ছাত্ৰী, বৰ্ণালী তপন্নই । ব্ৰঞ্জৰ পদক দখল কৰা সকল ক্ৰমে মানিষ ছেত্ৰী, পর্দাৱতী মুছাহাৰী, স্নেহা বৰা, প্ৰান্তিকা বৰা ই ।এই পদক বিজয়ী দলটোত ক’চ আৰু পৰিচালকৰ দায়িত্বত আছিল পদ্ম জাইৰো আৰু লোহিত পাতৰ । উল্লেখযোগ্য যে বিশ্বনাথ জিলা উশ্বু সন্থাৰ পৰা প্ৰেৰন কৰা এই ২৪ জনীয়া দলটোৰ ১৪ জনেই পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হয় । উক্ত দলটোক বিশ্বনাথৰ বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close