অসমবিশেষশীৰ্ষ

ৰাজ্যজুৰি উদযাপন সুধাকন্ঠৰ জন্মদিৱস

অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ উদযাপন কৰা হল সুধাকন্ঠৰ ৯৩ সংখ্যক জন্মজয়ন্তী। লগতে স্মৰণ কৰা হল তেওঁৰ সৃষ্টিৰাজিক। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও অসম ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত “উদ্দীপনা” শীৰ্ষক অনুষ্ঠানৰে অসমৰ স্বনামধন্য শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ একোখন নিৰ্বাচিত মহাবিদ্যালয়,বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কন্ঠশিল্পীয়ে সুধাকন্ঠৰ একোটা গীত পৰিবেশন কৰি শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নতুন প্ৰজন্মৰ কন্ঠত উত্তোলিত হল ভূপেন হাজৰিকাৰ সৃষ্টি। ইয়াৰ বিপৰীতে জালুকবাৰীৰ সমাধিক্ষেত্ৰতো প্ৰায় একেই পৰিৱেশ দেখিবলৈ পোৱা যায়। এক কথাত কবলৈ গলে আকাশে বতাহে মুখৰিত হৈ পৰে ভূপেন দাৰ অমৰ সৃষ্টি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close