আন্ত-ৰাষ্ট্ৰীয়বিশেষশীৰ্ষ

ৰাজু : দ্য লাইফ ছেভিয়াৰ

এগৰাকী বাস্তৱ জীৱনৰ প্রকৃত নায়ক

৪৫ বছৰীয়া এগৰাকী ব্যক্তি। প্রকৃত অর্থত তেওঁ এগৰাকী নায়ক। এয়া কোনাে বােলছবিৰ নায়ক নহয়। তেওঁ এগৰাকী বাস্তৱ জীৱনৰ প্রকৃত নায়ক।সাহস আৰু দায়বদ্ধতাৰ বাবেই তেওঁ আজি এজন প্রকৃত নায়কৰ স্বীকৃতি লাভ কৰিছে। এই নায়কগৰাকীৰ নাম ৰাজেশ দামােদৰ কাচি ওৰফে ৰাজু।। এক কথাত ক’বলৈ গলে তেওঁ এগৰাকী সাধাৰণ ব্যক্তি। পেচাত এগৰাকী সাধাৰণ দোকানী। ঘৰ পুনেত। এগৰাকী সাধাৰণ ব্যক্তি যদিও তেওঁৰ সাহসিকতাই তেওঁক সমাজত ‘দ্য ৰিয়েল হিৰৰ সন্মান প্রদান কৰিছে। বিগত ২২বছৰ ধৰি তেওঁ ২৫০জনৰাে অধিক লােকক পানীত ডুবি মৃত্যুমুখত পৰাৰ পৰা উদ্ধাৰ কৰি আহিছে। অন্যহাতে আত্মহত্যা বা দুর্ঘটনাৰ ফলত মৃত্যু হােৱা ৬০০ৰাে অধিক লােকৰ মৃতদেহ উদ্ধাৰ কামতাে তেওঁ সহায় কৰিছে। এয়া অৱশ্যে সাধাৰণ কাম নহয়। নিজৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি বিপদৰ সময়তে আগবাঢ়ি অহাটোৱেই হৈছে প্রকৃত নায়কৰ লক্ষণ। বর্তমান পুনেৰ মুথা নৈৰ কাষত এখন সৰু দোকান দি তেওঁ ‘ভূৰ্জি-পাৱ’ বিক্ৰী কৰি পৰিয়ালটো পােহপাল দি আছে। কিন্তু দোকান দি পৰিয়াল চলােৱা ৰাজেশ দামােদৰ কাচি ওৰফে ৰাজুৰ এই সাহসিকতাক সকলােৱে চেলুট প্রদান কৰিছে।নদীত ডুবি মৃত্যুমুখত পৰিব খােজা লােকক উদ্ধাৰ কৰি অহাটোৱে তেওঁক ‘নায়ক’ হিচাপে স্বীকৃতি প্রদান কৰিছে। বর্তমান সময়ত নদীত ডুব যােৱা লােকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈও তেওঁৰ সহায় লয় জিলা প্রশাসনে। ৰাজেশৰ এই সাহসিকতাৰ যাত্ৰা আৰম্ভ হয় মাত্র ১৯বছৰ বয়সৰ পৰাই। সেই সয়মতে তেওঁ মুথা নৈৰ ওপৰত থকা ডেংগল দলঙৰ পৰা সৰি পৰা ছােৱালী এজনীক ৰক্ষা কৰি জীৱনৰ প্ৰথমটো সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল। ছােৱালীজনীক উদ্ধাৰৰ পিছত পৰিয়ালৰ লােকে তেওঁক ধন্যবাদ জনাইছিল। এই ঘটনাই তেওঁক গভীৰ মানসিক প্রশান্তি প্রদান কৰিছিল। ইয়াৰ পিছৰে পৰাই তেওঁ এই কাম বর্তমানলৈকে কৰি আছে। বিগত কেইবাবছৰ ধৰি তেওঁ শিবাজীনগৰৰ পুৰণি টোফখানাত সৰু দোকানখন দি আহিছে। যিখন দলং নদীখনৰ তেনেই ওচৰতে। সেয়ে নদীত অঘটন হলেই প্রথমটো খবৰ তেওঁ লাভ কৰাৰ লগতে উদ্ধাৰ অভিযানাে চলায়। ৪৫বছৰীয়া ৰাজুৱে ৬০০ৰাে অধিক লােকক মৃত্যুমুখৰ পৰা উদ্ধাৰ কৰা খবৰে শিৱাজীনগৰ আৰক্ষী উপ পৰিদৰ্শক এগৰাকীক আকর্ষিত কৰে। সেয়ে তেওঁ ৰাজুৰ এই সাহসিকতাৰ সন্দৰ্ভত এখন ২৩মিনিট দৈর্ঘ্যৰ তথ্যচিত্রও প্রস্তুত কৰে। তথ্যচিত্ৰখনৰ নাম দিয়া হয় ৰাজু :দ্য লাইফ ছেভিয়াৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close