অসমপ্ৰৱন্ধশীৰ্ষ

ৰাইজ জাগিছে:কেবৰ বিৰুদ্ধে সর্বত্রে প্রতিবাদ

দেশ বুলিলে নালাগে আদেশ

জাতি-মাটি-ভেটিৰ কথা কোৱা সকল এতিয়া ভক্ষক। অসমীয়াৰ সত্তা চিৰকালৰ বাবে ধ্বংস কৰিবলৈ নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহিত কৰাৰ পিছতে সর্বত্রে চলিছে প্রতিবাদ। জাতিৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত এতিয়া ৰাইজ ৰাজপথত। সােমাবাৰে নেছ’ৰ উত্তৰ-পূৱ বন্ধৰ সময়ত অসমীয়া ৰাইজ মনে মনে ঘৰতে বহি থকা নাছিল। ৰাজপথলৈ ওলাই আহি কেব’ৰ বিৰুদ্ধে প্রবল প্রতিবাদ গঢ়ি তােলিছিল। ৰাজঘৰীয়াৰ ৰঙা চকুক এতিয়া হৃক্ষেপ নকৰে অসমৰ জনতাই। সােমবাৰৰ প্রতিবাদৰ পিছত মঙলবাৰে কোনাে বন্ধ নাছিল। কিন্তু। স্বতঃস্ফূর্তভাবে বন্ধ হৈ পৰিল দোকান পােহাৰ। ৰাইজ ওলাই আহিল জাতিক ৰক্ষাৰ স্বাৰ্থত। কোনাে সংগঠনৰ বেনাৰত সম্প্রতি চলা নাই প্রতিবাদ। জাতিক ৰক্ষাৰ বাবে যে কাৰাে আদেশ নালাগে সেয়া এতিয়া বুজি উঠিছে প্রতিজন অসমীয়াই। গণতান্ত্রিক প্রতিবাদক দমন কৰিবলৈ ৰজাঘৰীয়াই লৈছে কঠোৰ নীতি। গণেশগুৰি, ডিব্ৰুগড়ত, যােৰহাটত প্রতিবাদীক দমন কৰিবলৈ গুলিচালনা…তথাপি ক্ষন্ত হােৱা নাই অসমবাসী। লাঠিচালনা, কন্দুৱাগেছ যিমানেই ব্যৱহাৰ নকৰক কিয় এই জুই জ্বলিছে আৰু জ্বলিবই। অসমীয়া এতিয়া জাগিছে। প্রতিজন অসমীয়াৰ বুকুত পুঞ্জীভূত ক্ষোভ এতিয়া উদগীৰণৰ স্তৰত। অবৈধ বাংলাদেশীৰ বােজা অসমে আৰু নলয়, কেব অসমীয়াই নামানে। অসমক কেতিয়াক বাংলাদেশীৰ ডাম্পিংগ্রাউণ্ড হ’বলৈ দিয়া নহয়। এয়া জাগ্রত অসমীয়াৰ শেষ কথা। কাৰণ দেশ বুলিলে নালাগে আদেশ। এই কথা শুনি লওঁক দিল্লী-দিছপুৰে। অসমীয়াই যদি মান খেদিব পাৰে, অসমীয়াই যদি ইংৰাজ খেদিব পাৰে, তেন্তে অবৈধ বাংলাদেশীকো দৌৰাই দৌৰাই খেদিব। প্রয়ােজনত অবৈধ বাংলাদেশীৰ ৰক্ষককো পহুখেদা দিব প্রতিজন অসমীয়াই। কাৰণ জাতীয় সত্তা অসমীয়াৰ মেৰুদণ্ড, সেয়া প্রতিজন অসমীয়াৰ মন-মগজুত। অসমীয়া জাগিছে। সর্বত্রে প্রতিবাদ হৈছে। ৰজাঘৰীয়াক প্রতিজন অসমীয়াৰ সকিয়নী- জাতি জাগিছে, মতম্বৰী- ফেঁচীবাদী নীতিত হাৰ নামানে অসমসীয়াই। গাত লাচিত-চিলাৰায়ৰ তেজ আছে, সংগ্রাম কৰাৰ বুকুস সাহস আছে। চৰকাৰী বন্দুকক ভয় নকৰে অসমীয়াই, কাৰণ ৰাইজ এতিয়া জাগিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close