অসমশীৰ্ষ

ৰত্নপুৰৰ এগৰাকী উদ্যমী চিত্ৰশিল্পী : লুনা নাথ ।

চন্দন শৰ্মা

শোনিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত উত্তৰ জামুগুৰিস্থিত হাটিঙা অঞ্চলৰ ৰত্নপুৰ গাঁৱৰ এগৰাকী প্ৰতিভাৱান উদ্যমী চিত্ৰশিল্পীয়ে সুকুমাৰ কলাৰ জৰিয়তে সুনাম অৰ্জন কৰিছে ৷ পিতৃ ভৱেন চন্দ্ৰ নাথ আৰু মাতৃ দিপ্তী দেৱীৰ সু-কন্যা লুনা নাথ নামৰ চিত্ৰ শিল্পী গৰাকীৰ একক প্ৰচেষ্টাত ওৱাটাৰ কালাৰ, অইল পেইন্টিং, ৰ লগতে থ্ৰি দি দ্ৰয়িং (Water Colour, Oil Painting ৰ লগতে 3D DRAWING) কৰি অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে । লুনা বৰ্তমান চতিয়া সমষ্টিৰ এখন আগশাৰী শিক্ষানুষ্ঠান হিচাপে পৰিচিত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে । চিত্ৰশিল্পী গৰাকীয়ে নিজৰ পঢ়া-শুনাৰ উপৰিও বহু একাগ্ৰতা আৰু ধৈৰ্য্যৰে চিত্ৰ অংকন কৰি বহু ছাত্ৰ-ছাত্ৰীক সুকুমাৰ কলাৰে এখোজ আগুৱাই নিবলৈ সক্ষম হৈছে । তেওঁ জানিবলৈ দিয়া মতে ২০১৭-১৮ বৰ্ষত ফাইন আৰ্টছৰ ডিপ্লোমা পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হয় । যুৱতী চিত্ৰশিল্পী গৰাকীৰ এই প্ৰচেষ্টাক অঞ্চলটোৰ জনসাধাৰণে ভূয়সী প্ৰংশসা কৰাৰ লগতে উৎজ্জ্বল ভৱিষ্যত কামনা কৰিছে ।
Attachments area
অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

Close