
ৰঙিয়া মহাবিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী গোটৰ উদ্যোগত শনিবাৰে গোপালপুৰ অঞ্চলত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দ্বীজেন্দ্ৰ নাথ ডেকাৰ নেতৃত্বত যোৱা দলটোৱে বৃহত্তৰ গোপালপুৰ অঞ্চলৰ প্ৰায় ১৬৩ টা পৰিয়ালৰ মাজত বিভিন্ন খাদ্য সামগ্ৰী বিতৰণ কৰে ।২ নং গোপালপুৰ প্ৰাথমিক বিদ্যালয় আৰু বৰকুকুৰীয়া প্ৰাথমিক বিদ্যালয়ত ৰূপায়িত কাৰ্যসূচীত মহাবিদ্যালয় খনৰ প্ৰৱক্তা হৃষিকেশ চৌধুৰীৰ লগতে ৰমনী ৰাজৱংশী ,অৰূপ দাস প্ৰমুখ্যে কেবাগৰাকী শিক্ষক- কৰ্মচাৰীয়ে সহযোগ কৰে ।অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনাত সহায়ৰ হাত আগবঢ়াই স্থানীয় ব্যৱসায়ী তথা মনোজ বুক ষ্টলৰ স্বত্বাধিকাৰী মনোজ কলিতাই