অসমভাল খবৰশীৰ্ষ

ৰঙালাও খেতিৰে স্বাৱলম্বী কাজিৰঙাৰ যুৱক

কাজিৰঙাৰপৰা মনোজ প্ৰতিম শইকীয়া, ভাল খবৰ: যি সময়ত অসমত নিবনুৱা সমস্যাৰ কৱলত পৰি হাজাৰ হাজাৰ নিবনুৱাই বহি:ৰাজ্যলৈ কৰ্ম সংস্থাপন বিচাৰি ঢাপলি মেলিব লগীয়া হৈছে ঠিক সেই সময়তে ইয়াৰ এক বিপৰীত নিদৰ্শন দাঙি ধৰি কৃষি কৰ্মত মনোনিৱেশ কৰিছে কাজিৰঙাৰ কেইজনমান শিক্ষিত উদ্যমী যুৱকে। কাজিৰঙাৰ লৱন গগৈ নামৰ এজন যুৱকৰ উদ্যোগত কেইজনমান শিক্ষিত যুৱকে চৰকাৰী চাকৰিৰ বাবে বহুবাৰ চেষ্টা কৰিও অসমৰ্থ হোৱাৰ পাছত চৰকাৰী চাকৰিৰ আশা বাদ দি সমবায়ভিত্তিক আৰম্ভ কৰিছে ৰঙালাউৰ খেতি ৷

উল্লেখ্য যে, প্ৰতি বছৰত দুই তিনিটা প্ৰলয়ংকাৰী বানে ধুই যোৱা লুখুৰাসনীয়া নামৰ অতি দ অঞ্চলৰ গাঁওখনৰ পাঁচ যুৱক ক্ৰমে জিন্তু গগৈ, মিন্টু গগৈ, লৱন গগৈ, গিৰিচ গগৈ,পল্লৱ গগৈয়ে মিলি আৰম্ভ কৰিছিল এই খেতি ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত এক বৃহৎ কৃষিভুমিত তিনিমাহ আগতে আৰম্ভ কৰিছিল এই খেতি।

দিনে-ৰাতিয়ে অহৰহ বৰ্তি থকা যুৱককেইজনে ৰঙালাও খেতিত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে প্ৰয়োগ কৰিছে জৈৱিক সাৰ৷ কিয়নো ৰাসায়নিক সাৰৰ প্ৰয়োগে মানুহৰ শৰীৰৰ বেমাৰ মাতি আনিব পাৰে। তদুপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তুৱে সেই ৰঙালাও খালেও বিপদত পৰিব পাৰে সেয়েহে সম্পূৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে এই খেতি কৰা হৈছে বুলি জানিবলৈ দিয়ে ভাল খবৰৰ সাংবাদিকৰ আগত৷ তদুপৰি ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণীয়ে অপকাৰ কৰিব নোৱাৰাকৈ সৌৰ শক্তি চালিত বৈদ্যুতিক বেৰাৰ দ্বাৰা শস্য সুৰক্ষা প্ৰদান কৰাত সফল হৈছে যুৱক কেইজন।

পৰীক্ষামূলকভাৱে প্ৰথম বাৰ কৰা এই খেতিৰ পৰা যথেষ্ট লাভবান হোৱাৰ আশা কৰিছে যুৱক কেইজনে। এতিয়ালৈকে প্ৰায় ১৭০০০ ৰঙালাও বিক্ৰী কৰাৰ উপৰিও এতিয়াও প্ৰায় ২২০০০ ৰঙালাও উক্ত কৃষিভুমিত আছে বুলি লৱন গগৈয়ে মত ব্যক্ত কৰে। ইয়াৰোপৰি কাজিৰঙাত অনুষ্ঠিত হোৱা ভাগৱত পাঠ, বিহু সন্মিলন, বিয়া -সবাহত বা কাজিৰঙাৰ যিকোনো অনুষ্ঠানত বিনামূলীয়াকৈ প্ৰায় ২০০০ ৰঙালাও প্ৰদান কৰিবলৈ সক্ষম হৈছে। কিন্তু কষ্ট অনুযায়ী উৎপাদিত শস্য বিক্ৰিৰ ক্ষেত্ৰতহে সমস্যাৰ সৃষ্টি হৈছে উদ্যোগী যুৱক কেইজনৰ৷ মধ্যভোগীৰ প্ৰভাৱত ৰঙালাওৰ উপযুক্ত মূল্যৰ পৰা বঞ্চিত হ’ব লগীয়া হোৱাত কিছু পৰিমাণে হতাশ হ’ব লগীয়া হৈছে যুৱক কেইজন৷ স্ব-নিৰ্ভৰশীলতাৰ আদৰ্শেৰে কৃষি কৰ্মত মনোনিবেশ কৰা এইকেইজন নিবনুৱা যুৱকে এতিয়া উৎপাদিত শস্য বিক্ৰিৰ বাবে উপযুক্ত বজাৰ বিচাৰি হাহাকাৰ কৰিব লগীয়া হৈছে৷ কাৰণ তেওঁলোকে উৎপাদিত কৰা সামগ্ৰীসমূহ বিক্ৰীৰ বাবে বজাৰৰ যথেষ্ট অভাৱ হৈছে। ওচৰতে থকা দিৰিং সাপ্তাহিক বজাৰখনৰ বাহিৰে অন্য বজাৰ নোহোৱাত অতি কম দৰত বিক্ৰী কৰিবলগীয়া হয় উৎপাদিত সামগ্ৰীসমূহ৷ যাৰ ফলত এচাম দালাল শ্ৰেণীৰ মানুহ কষ্ট নকৰাকৈয়ে চহকী হোৱা পৰিলক্ষিত হৈছে। এতিয়া চৰকাৰ প্ৰতি তেওঁলোকৰ এটাই আহ্বান যে চৰকাৰে কৃষকৰ কৃষি উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য প্ৰাপ্তিৰ ব্যৱস্থা কৰক৷ স্বাভাৱিকতে কাজিৰঙাৰ এইকেইজন যুৱকৰ এনে নিদৰ্শনে অনেক নিবনুৱাৰ বাবে এক উৎকৃষ্ট আদৰ্শ তথা অনুপ্ৰেৰণা হৈ পৰিছে l

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close