অসমবিশেষশীৰ্ষ

ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫১ সংখ্যক বাৰ্ষিক যুৱ মহোৎসৱৰ শুভাৰম্ভ

চন্দন শৰ্মা, জামুগুৰিহাট

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা ব্যৱসায় কেন্দ্ৰৰ দক্ষিন দিশত ১৯৫৯ চনত স্থাপিত হোৱা শোণিতপুৰ জিলাৰ এখন আগশাৰী শিক্ষানুষ্ঠান হিচাপে পৰিচিত ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪ নম্বেৱৰ সোমবাৰৰ পৰা শুভাৰম্ভ হয় ৫১ সংখ্যক বাৰ্ষিক যুৱ মহোৎসৱ

উক্ত যুৱ মহোৎসৱৰ কাৰ্যসূচীমৰ্মে পুৱাই পতাকা উত্তোলন কৰি মাৰ্চ পাষ্ট আৰু অলিম্পিক শিখা প্ৰজ্বলন কৰে । মাৰ্চ পাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিদ্যালয়ৰ এন চি চি বিভাগ আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে । এই বিশেষ আকৰ্ষনীয় প্ৰতিযোগিতাত প্ৰথম স্থান ষষ্ঠ, দ্বিতীয় স্থান দ্বাদশ, তৃতীয় স্থান সপ্তম শ্ৰেণীৰ লগতে বিশেষ বঁটা পাবলৈ সক্ষম হ’ল এন চি চি বিভাগৰ দলটোৱে । ক্ৰিয়া বিভাগৰ তত্বাৱধানত থাকে কৰুণা শইকীয়া, বুদ্ধিনাথ মিশ্ৰৰ লগতে সমুহ শিক্ষকবৃন্দ । তাৰপিচতে বিভিন্ন ক্ৰিয়া প্ৰতিযোগিতা ক্ৰমে কাবাডি, কেৰম, ডৱা ইত্যাদি আৰম্ভ হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close