বিশেষশীৰ্ষস্বাস্থ্য

ৰক্তহীনতা আৰু ইয়াৰ প্ৰতিকাৰ

দিপাংকৰ লাহন

শৰীৰত ৰক্ত উৎপাদন বা বৃদ্ধিৰ বাবে আইৰণ অতি দৰকাৰী। এজন প্রাপ্ত বয়স্ক পুৰুষৰ কাৰণে দৈনিক ৮ মিলিগ্রাম ও নাৰীৰ কাৰণে দৈনিক প্রয়োজন হৈ আইৰণ ১৮ মিলিগ্রাম। ইয়াৰোপৰি গর্ভৱতী মহিলাৰ বাবে দৈনিক ২৭ মিলিগ্রাম আইৰণ প্রয়োজন হয়।
শৰীৰত আইৰণৰ মাত্ৰা কমিলে শৰীৰে দুর্বল ও ক্লান্ত অনুভৱ কৰে। এনে অৱস্থাক আইৰণ ডেফিচিয়েঞ্চি এনেমিয়া বুলি কোৱা হয়। সাধাৰণতে শিশু ও গর্ভৱতী মহিলাৰ দেহত আইৰণৰ মাত্ৰা কমাৰ ফলত এনে এনেমিয়া বেছি দেখা যায়। দেহত আইৰণৰ পৰিমাণ ও হিম’গ্লবিনৰ লেভেল মাত্ৰাত সঠিক কৰি ৰাখিবলৈ আমি প্রাণীজ আইৰণ ও উদ্ভিজ আইৰণ এই দুই ধৰণৰ আইৰণ গ্রহণ কৰাটো অত্যন্ত জৰুৰী।
জানিথঁও আহকচোন আইৰণ যুক্ত কিছুমান খাদ্যৰ নাম:
১)সকলো ধৰণৰ ৰেড মিট বিশেষকৈ খাহিৰ মাংস ও লিভাৰ বা কলিজা আইৰণৰ সকলোতকৈ ভালো উৎসবোৰৰ ভিতৰতএটি।


২) সকলো সেউজীয়া শাক-পাচলি বিশেষকৈ পালেং শাক আইৰণ এটি অন্যতম উৎস।
৩) ফলমূল যেনে আম,আপেল, নেমু, তৰমুজ,ষ্ট্ৰবেৰী,কমলা ইত্যাদি।
৪) অন্য পাচলিৰ ভিতৰত আলু,ব্ৰুকলি,বিট,কুমোৰা,ৰঙা লাও,ৰঙালাওৰ গুটি ইত্যাদি।
৫) শুকান ফলত কিচমিছ, খেজুৰ,বাদাম ইত্যাদি।
৬) কুকুৰাৰ কণীয়ো আইৰণৰ এটি ভাল উৎস।
উপৰোক্তবোৰৰ উপৰিও আৰু বহু প্ৰাকৃতিক উপাদান খুবেই সহজলভ্য যিবোৰ গ্ৰহণ কৰিলে মানুহৰ শৰীৰত আইৰণ বৃদ্ধি বা হিম’গ্লবিন মাত্ৰা সোনকালে বৃদ্ধি পায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close