চলচ্চিত্ৰজগতশীৰ্ষসাংস্কৃতিক

৯৭ বছৰ বয়সত দিলীপ কুমাৰ

জন্মদিনত অনুৰাগিৰ আন্তৰিক শুভেচ্ছা

ভাৰতীয় ছবি জগতৰ জীৱন্ত কিংবদন্তি মেৰুদণ্ড দিলীপ কুমাৰে ১১ ডিচেম্বৰত ৯৮ বছৰত ভৰি দিয়ে। চেঞ্চৰী কোবাবলৈ তিনিটা বছৰ বাকী থকা ভাৰতীয় ছবি জগতত সর্বকালৰ শ্ৰেষ্ঠত অভিনেতাগৰাকীয়ে জন্মদিনত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে অনুৰাগিসকলে। ৯৭ বছৰ অতিক্ৰম কৰা দিলীপ কুমাৰে আজি এক টুইটযােগে অনুৰাগিসকলক সম্ভাষণ জনােৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

নিজৰ টুইটত অভিনেতাগৰাকীয়ে লিখে যে আজি তেওঁ ৯৭তম জন্মদিন। মাজনিশাৰ পৰা লাভ কৰা ফোন আৰু মেছেজে তেওঁক আপ্লুত কৰিছে আৰু আনন্দিত কৰিছে। সকলােকে ধন্যবাদ জনাই দিলীপ কুমাৰে লিখে যে উদ্যাপন ডাঙৰ কথা নহয় তাতকৈ অধিক ডাঙৰ কথা বান্ধোনহীন মৰম, আকর্ষণ আৰু প্রার্থনাসমূহ। যিয়ে তেওঁৰ চকু সেমেকাই তুলিছে। এই মৰমৰ বাবে অশেষ ধন্যবাদ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close