বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

৮২ বছৰীয়া বৃদ্ধৰ প্রশংসনীয় পদক্ষেপ

পানীয়ে হৈছে প্ৰাণীৰ প্রাণ। এই বাক্যটি হয়তাে মানৱ জীৱনৰ এক অবিচ্ছেদ্য অংগ। দৈনন্দিন জীৱনত পানীৰ অৱদানৰ কথা হয়তাে সকলােৰে জ্ঞাত। সেয়ে মানুহে এটুপি বিশুদ্ধ পানী বিচাৰি হাবাথুৰি খাবলগীয়া হয়। ঠাই ভেদে মানুহে দমকল, কুঁৱা, টিউৱেল আদি বহুৱাই লৈ নিজৰ প্রয়ােজনীয়তা পূৰণ কৰিছে। কিন্তু আজি আমি আপােনালােকক এজন ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিবলৈ ওলাইছাে। যিগৰাকী ব্যক্তিয়ে পানীৰ নাটনি দূৰ কৰিবলৈ ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে। গ্রামাঞ্চলত বিশুদ্ধ পানী সংৰক্ষণৰ বাবে পুখুৰী খন্দা হয়। সেয়ে গ্রামাঞ্চলত প্ৰতিটো ঘৰতে একোটাকৈ পুখুৰী থাকেই। কিন্তু এগৰাকী বৃদ্ধই নিজেই অকলে চৈধ্যটা পুখুৰী খান্দি এক অন্য পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। এই বৃদ্ধগৰাকীৰ নাম কেৰে কামেগৌড়া। বয়স ৮২ বছৰ। তেওঁ বাংগালুৰুৰ মাল্লাভাল্লি এলেকাৰ দাচানডােড়চি গাঁৱৰ বাসিন্দা। তেওঁ গাঁওখনত পানীৰ নাটনি দূৰ কৰা তথা পানী সংৰক্ষণৰ বাবে এই পদক্ষেপ গ্রহণ কৰিছে। এটা দুটা নহয় মুঠ চৈধ্যতা পুখুৰী অকলেই খাটো সহজ কথা নহয়। তথা নিজ স্বার্থক বাদ দি মানৱতাৰ খাতিৰত এই ব্যতিক্রমী পদক্ষেপ হাতত লৈছে। ভাৰতৰ বেংগালুৰু মালাভাল্লি কোলেগাল পথেৰে যাতায়াত কৰিলে এই পুখুৰীসমূহ চকুত পৰে। বয়সে আশীৰ ডেওনা অতিক্রম কৰিলেও মনৰ ফালৰপৰা তেওঁ এগৰাকী চফল ডেকা। এই বয়সতাে তওঁ বাৰঘণ্টা পৰিশ্ৰম কৰে। পঞ্চাছটা ভেড়া তেওঁ অকলেই চৰােৱাৰ লগতে চোৱাচিতাও কৰে। কেতিয়াবা আকৌ গছপুলি ৰােপণ কৰে। এইদৰেই তেওঁ কর্মব্যস্ততাৰ মাজেৰেই নিজৰ জীৱনটো অতিবাহিত কৰিছে। বর্তমান তেওঁ নিজেই অকলেই মাটি খান্দি পুখুৰী নিৰ্মাণ কৰিছে। ২০১৭ চনত ছয়টা পুখুৰী ইয়াৰ পিছত ২০১৮ চনত আৰু আঠটা পুখুৰী নিৰ্মাণ কৰে। সেয়ে তেওঁক ‘কেৰে’নাম প্রদান কৰা হৈছে। ইয়াৰ অৰ্থ পুখুৰী বা লেক। এই ব্যতিক্রমী পদক্ষেপৰ বাবে তেওঁক ইতিমধ্যে সন্মানাে প্রদান কৰা হৈছে। পুৰস্কাৰ হিচাপে পােৱা টকা তেওঁ ব্যক্তিগত কামত খৰচ কৰা নাই। সেই টকাৰে তেওঁ আধুনিক প্রযুক্তিৰ মাটি খন্দা যন্ত্র ক্রয় কৰিছে। যাৰ সহায়ত তেওঁ এটাৰ পিছত এটাকৈ পখৰী খান্দি গৈছে৷ ইয়াৰ উপৰি এলেকাটোৰ যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ তেওঁ ৰাস্তাও নির্মাণ কৰিছে। গুৰুত্বপূৰ্ণ কথা এয়াই যে গাঁওখনৰ ভেড়াপালক সকলে যাতে কাষৰীয়া পাহাৰখনত ভেড়া চৰােৱাত কোনাে অসুবিধাৰ সৃষ্টিনহয় তাৰ বাবে তেওঁ পাহাৰৰ মাটি কাটি। ৰাস্তা তৈয়াৰ কৰিছে। কেৱল ১৭/১৮ বছৰেই নহয়, ৪০ বছৰ পূৰ্বৰ পৰাই তেওঁ এই ব্যতিক্রমী পদক্ষেপ গ্রহণ কৰিছে। উল্লেখ্য যে, বর্তমানে যে পৃথিৱীত মানৱতা জীয়াই আছে তাৰেই উজ্বল নিদর্শন কামে গৌড়া নামৰ বৃদ্ধজন। তেওঁ এই ব্যতিক্রমী কর্মই মানৱতাই যে শ্রেষ্ঠ ধর্ম সেই কথাকে প্রতিপন্ন কৰিছে। তেওঁৰ এই ব্যতিক্রমী পদক্ষেপে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে সমাজত মানৱতাৰ ‘মিচাইল মেন’ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close