বিশেষৰাষ্ট্ৰীয়শীৰ্ষ

৭৪ বছৰত সন্তান প্রসৱ

গঢ়িলে বিশ্ব অভিলেখ

এগৰাকী ৭৪ বর্ষীয়া বৃদ্ধা। নাম মংগায়াম্মা। ঘৰ অন্ধ্র প্রদেশৰ পূব গােদাবৰী জিলাৰ দ্রাক্ষাৰাম ব্লকৰ নেপার্থিপদু গাঁৱত। শেহতীয়াকৈ চৰ্চালৈ আহিছে মংগায়াম্মা নামৰ ৭৪ বর্ষীয়া এইগৰাকী ভাৰতীয় বৃদ্ধা। কাৰণ ৭৪ বছৰ বয়সত এইগৰাকী মংগায়াম্মাই দুটাকৈ কন্যা যমজ সন্তান জন্ম দি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। শেহতীয়া তথ্য অনুসৰি ১৯৬২ চনৰ ২২ মার্চতেই মংগায়াম্মাই ইৰামতী ৰাজা ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু সেইদিনৰ পৰাই তেওঁলােক নিঃসন্তান দম্পতী হিচাপে সমাজত থাকিবলৈ লয়। কেইবাবাৰাে চিকিৎসকৰ ওচৰত চিকিৎসা কৰায়াে সুফল নাপালে তেওঁলােকে। তথাপিও হাৰ মনানাছিল তেওঁলােক। অৱশেষত তেওঁলােকৰ ওচৰৰেই প্ৰতিৱেশী এগৰাকী ৫৫ বছৰীয়া মহিলাই ইন ভিট্রো ফার্টিলাইজেছন পদ্ধতিৰ জৰিয়তে গর্ভধাৰণ কৰিবলৈ সক্ষম হয়।ইয়াৰ পাছতেই মংগায়াম্মা দম্পতীয়েও এই পদ্ধতি অৱলম্বন কৰে। চিকিৎসকৰ পৰামর্শ অনুযায়ী তেওঁৰ স্বামীৰ বীর্য সংগ্রহ কৰি মংগায়াম্মাৰ গৰ্ভত প্রতিস্থাপন কৰা হয়।ইয়াৰ পাছতেই চিকিৎসকৰ তত্ত্বাৱধানতেই ৫ ছেপ্টেম্বৰ (২০১৯)ৰ দিনা মংগায়াম্ফাই দুটা কন্যা সন্তান জন্ম দিয়ে। চিকিৎসকৰ ভাষ্য অনুসৰি এই পদ্ধতি আছিল যথেষ্ট আশ্চৰ্যকৰ। সাধাৰণ মানুহৰ বাবে এয়া সম্ভৱ যদিও ৭৪ বছৰীয়া এগৰাকী বৃদ্ধাৰ সৈতে এই পদ্ধতি আছিল যথেষ্ট কষ্টকৰ। সেয়ে বহু জটিল প্রক্রিয়াৰ মাজেৰে আগবাঢ়িব লগা হৈছিল। কিন্তু অৱশেষত যেন এই মিছন সফল হ’ল। মংগায়াম্মাৰ স্বামী ৰাজা ৰাওৱাে যথেষ্ট সুখী। ৭৮ বছৰ বয়সত সন্তানৰ পিতৃ হ’বলৈ পাই তেওঁ চিকিৎসকৰ দলটোক অশেষ ধন্যবাদ প্রদান কৰে। আন এক তথ্যত পােহৰলৈ আহে যে হয়তাে মাংগায়াম্মাই হৈছে বর্তমানলৈকে সন্তান জন্ম দিয়া ভাৰতৰ আটাইতকৈ বয়স্ক মহিলা। কিয়নাে ইয়াৰ পূর্বে ভাৰতৰ ইতিহাসত এই অভিলেখ ৰচিছিল ৰাজস্থানৰ বাসিন্দা দলজিন্দৰ কৌৰে। তেওঁ ৭০ বছৰ বয়সত ২০১৬ চনত এই একেই পদ্ধতি ব্যৱহাৰ কৰি এটি পুত্র সন্তানৰ জন্ম দিছিল। কাৰণ যিয়ে নহওক কিয় ৭৪ বছৰ বয়সত যমজ সন্তান জন্মৰে বিশ্ব অভিলেখ গঢ়া এইগৰাকী মংগায়াম্মা হৈ পৰিছে এতিয়া সকলােৰে আকৰ্ষণৰ কেন্দ্রবিন্দু।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close