
এযােৰ জোতাৰ মূল্য কিমান হ’ব পাৰে ? হয়তাে ৫০০-২০০০ টকা। কিন্তু শেহতীয়াকৈ এটি প্রতিষ্ঠানে নির্মাণ কৰিছে এযােৰ বিশেষ জোতা। যাৰ বজাৰ মূল্য ৬৩ হাজাৰ ২৫৮ টকা। নতুন জোতা মানেই যেন চকচকীয়া তথা পৰিস্কাৰ। যাতে দেখাৰ লগে লগেই বুজিব পাৰি যে এইযােৰ ব্ৰেণ্ড নিউ জোতা। কিন্তু এয়া যেন পূর্বৰ ফেশ্বন। কিন্তু সময়ৰ লগে লগেই যেন মানুহৰ পছন্দও সলনি হৈছে। এতিয়া বজাৰত জনপ্রিয় হৈ উঠিছে লেতেৰা জোতা। লেতেৰা মানে কেৱল ৰংটোকহে বুজোৱা হৈছে। এই ফেশ্বনৰ প্রতি লক্ষ্য ৰাখিয়েই বিশ্বৰ জনপ্রিয় জোতা নির্মাতা প্রতিষ্ঠান গুচ্চিয়ে এযােৰ নতুন স্নিকার্চ বজাৰত মুকলি কৰিছে। এই জোতাযােৰৰ ৰং অসাধাৰণ। যেনেকৈ বগা ৰঙৰ জোতাত ধূলি-লেতেৰা লাগিলে যিটো ৰঙৰ সৃষ্টি হয়। সেই ৰঙটোকে প্রতিপন্ন কৰা হৈছে। আৰু এয়াই যেন বর্তমানৰ ফেশ্বন। প্রতিষ্ঠানটোৰ শেহতীয়া তথ্য অনুসৰি স্কাফড, ডার্টি এণ্ড ভিনটেজ স্পৰ্টছৱেৰৰ পৰা অনুপ্রাণিত হৈ এই জোতাযােৰ নিৰ্মাণ কৰি উলিয়াইছে। মুঠ তিনিটা ৰং আৰু চাৰিটা আকর্ষণীয় ষ্টাইলত উপলব্ধ হৈছে এই জোতা। জোতাযােৰত কোম্পানীটোৱে তেওঁলােকৰ নিজৰ লগ’ সন্নিৱিষ্ট কৰিছে। যিয়ে জোতাযােৰক আকর্ষণীয় কৰি তুলিছে। উল্লেখ্য, এই বিশেষ জোতাযােৰৰ আকর্ষণীয় দিশটো হ’ল ইয়াক চাফা কৰা কোনাে প্রয়ােজন নাই। কাৰণ চাফা কৰিলেও ইয়াৰ ৰঙৰ পৰিৱৰ্তন কেতিয়াও নহয়।