আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

৫৫০ কোটি টকাত সাগৰীয় দ্বীপ বিক্রী

মাটি-ঘৰ কিনা-বেচা কৰাটো নতুন কথা নহয়। কিন্তু দ্বীপ বিক্ৰীৰ কথা শুনিছেনে? কথাষাৰ আচহুৱা যেন লাগিলেও এয়াই সত্য। শেহতীয়াকৈ স্কটলেণ্ডৰ এটি দ্বীপ সকলােৰে চৰ্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে। কিয়নাে এই সাগৰীয় দ্বীপটো বিক্ৰীৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। দ্বীপটোৰ নাম উলভা। এই দ্বীপটো মাত্র ছয়জন লােকৰ বসতিপূর্ণ এলেকা। এই দ্বীপটোৰ মালিক জেম হওয়ার্ড। সুদীর্ঘ সত্তৰ বছৰৰ অন্তত পােন প্ৰথমবাৰৰ বাবে বিক্ৰীৰ বাবে সিদ্ধান্ত লােৱা হৈছে এই দ্বীপটো। এই দ্বীপটোৰ বর্তমান বজাৰ মূল্য ৫৪৩ কোটি ৫৮ লাখ ২১ হাজাৰ ৯৪৪ টকা। স্কটলেণ্ডৰ প্রথম প্রধানমন্ত্রী নিল ষ্টাৰগয়ানে এই দ্বীপটো কোনাে মাল্টি মিলিয়ন কোম্পানীৰ হাতত অৰ্পণ কৰিব বিচৰা নাই। নিকলৰ মতে এই দ্বীপটো কোনাে দল-সংগঠন আদিক ক্রয় কৰিবলৈ উৎসাহ যােগাইছে। বর্তমান বিভিন্ন দল-সংগঠনে এই দ্বীপটো কিনিবলৈ ইচ্ছা প্রকাশ কৰিছে। দল-সংগঠনৰ দাবী এই দ্বীপটো নতুন বসতি স্থাপনৰ লগতে অর্থনৈতিক দিশতাে সহায়ক হ’ব। দ্বীপটোৰ মালিক প্রায় পয়ত্রিশ বছৰ ধৰি দ্বীপটোৰ সৈতে ওতঃপ্রােতভাৱে জড়িত হৈ আছে। এই দ্বীপটো ‘গাে-পালন’ তথা খেতি-বাতিৰ বাবে যথেষ্ট উপযােগী বুলি চিহ্নিত হৈছে। সেয়ে এটি কোম্পানীয়ে ২১ হাজাৰ ইউৰাে ডলাৰ দিব বিচাৰিছে। কিন্তু সেয়া অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট কম। সেয়ে দ্বীপটোৰ মালিকে উচিত মূল্যৰ বাবে বাট চাই ৰৈছে। এই দ্বীপটোত বর্তমান মুঠ আঠটা ঘৰ আছে। ইয়াৰে পাঁচটা খালী অৱস্থাত আছে। ইয়াৰে এজন ব্যক্তিয়ে বিশেষ ছুটী কটাবলৈ এই দ্বীপটোলৈ প্ৰতি বছৰে আহে। যাতায়াতৰ বিশেষ সু-ব্যৱস্থা নাথাকিলেও ইয়াৰ নান্দনিক দৃশ্যই সকলােকে আপ্লুত কৰে। দ্বীপটোত থাকি সাগৰীয় দৃশ্যৰ লগতে সাগৰীয় প্রাণী ডলফিন, তিমি মাছ আদিৰ সুন্দৰ দৃশ্য উপভােগ কৰিব পাৰি। উল্লেখ্য যে, এই দ্বীপটোৱে বর্তমান সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close