আন্ত-ৰাষ্ট্ৰীয়বিজ্ঞানবিশেষশীৰ্ষ

৩৭০০ বছৰ পুৰণি নৰকংকাল উদ্ধাৰ

মিছৰত সংঘটিত হৈছে এক অনাকাংক্ষিত ঘটনা।৩৭০০ বছৰ পুৰণি দুটি নৰকংকাল উদ্ধাৰ কৰা হৈছে। প্রত্নতাত্বিকসকলৰ মতে এই নৰকংকালটো এগৰাকী গৰ্ভৱতী নাৰীৰ। বয়স প্রায় ২৫ বছৰ। শেহতীয়া তথ্য অনুসৰি ইয়েল বিশ্ববিদ্যালয় তথা বােলােনা বিশ্ববিদ্যালয়ৰ এটি গৱেষকৰ দলে গৱেষণা কালত এই নৰকংকালটো উদ্ধাৰ কৰে। মিছৰৰ ৰাজধানী কায়ৰৰ পৰা ৫৩০ মাইল দূৰত অৱস্থিত আচৱান নামৰ এটি স্থানত এই দুটি নৰকংকালৰ সন্ধান পােৱা গৈছে। গৰ্ভৱতী নাৰীগৰাকীৰ কংকালৰ লগতে উদ্ধাৰ হৈছে এটি শিশুৰ নৰকংকাল। সম্ভৱত এই কংকালটি নাৰীগৰাকীৰ গর্ভস্থ ভ্রুণৰ বুলি দাবী উত্থাপন কৰা হৈছে। সম্ভৱত এই নাৰীগৰাকী প্ৰসৱকালীন অৱস্থাতেই মৃত্যু হৈছিল। ইয়াৰ পিছতেই ১৫৫০-১৭৫০ খ্রীঃৰ ভিতৰত এইগৰাকী নাৰীক কবৰস্থ কৰা হৈছিল। এই কথা সদৰী কৰে মিছৰৰ ছুপ্রিম কাউন্সিল অৱ এণ্টিকিউটিছগৰাকীয়ে। কেনেদৰে মৃত্যু হৈছিল মহিলাগৰাকীৰ ? ইয়াৰ উত্তৰ সন্দৰ্ভত জনায় যে মহিলাগৰাকীৰ ককালৰ হাড়ৰ সমস্যা আছিল। আৰু উপযুক্ত সময়ত চিকিৎসা নকৰােৱাৰ বাবে সন্তান জন্ম দিয়াৰ সময়তে মৃত্যুমুখত পৰিছিল। মহিলাগৰাকীৰ শৰীৰটো এখন চামৰাসদৃশ কাপােৰেৰে মেৰােৱা অৱস্থাত উদ্ধাৰ হৈছিল।ইয়াৰ উপৰি কবৰৰ ভিতৰত ৰখা হৈছিল এটি পাত্র আৰু উট পক্ষীৰ কণীৰ বাকলিৰ দ্বাৰা বনােৱা এডাল মালা। হাজাৰ হাজাৰ বছৰ অন্ধকাৰত থাকি যেন পুনৰবাৰ পৃথিৱীত ৰশ্মিৰে আলােকিত হ’ল এই নৰকংকাল দুটা। আধুনিক পৃথিৱীৰ বক্ষস্থলত পুনৰবাৰ ফুটি উঠিল এগৰাকী অজ্ঞাত নাৰীৰ প্রসৱকালীন মৃত্যুৰ কৰুণ ছবি।উল্লেখ্য যে,উদ্ধাৰ হােৱা নৰকংকালটোক লৈ বর্তমান মিছৰৰ গৱেষকৰ দলটোৱে গৱেষণা পূর্ণগতিত চলাই নিছে বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close