চলচ্চিত্ৰজগতবিনোদনবিশেষৰাষ্ট্ৰীয়শীৰ্ষ

২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত ফিল্মফেয়াৰ

অসমৰ ৰাইজৰ বাবে টিকটৰ ব্যৱস্থা কৰিব পর্যটন নিগমে

আহি আছে ফিল্মফেয়াৰ ২০১৯। আৰু কেইদিনমান পাছতে গুৱাহাটী হৈ পৰিব দ্বিতীয় মুম্বাই। অসমলৈ আহি আছে বিগ বি অমিতাভ বচ্চন, আহিব শ্বাহৰুখ খান, ছলমান খান, কেটৰীনা কাঈফ, অক্ষয় কুমাৰ, কপিল শর্মা, কৰণ জোহৰ, দীপিকা পাডুকন, ছানী লিয়ন, অৰজিৎ সিং, দিশা পাটানিকে আদি কৰি বলিউডৰ সকলাে সৰু-বৰ তাৰকা। ইতিমধ্যে ফিল্মফেয়াৰ এৱাৰ্ডৰ বাবে দিন চূড়ান্ত কৰা হৈছে। অহা ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। টাইমছ অব ইণ্ডিয়া গ্রুপৰ এই মেগা ইভেণ্টটো অনুষ্ঠিত কৰাৰ বাবে আয়ােজক হিচাপে অসম চৰকাৰে অহা সােমবাৰে অর্থাৎ ২৫ অক্টোবৰত প্রতিষ্ঠানটোৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিব। আটাইতকৈ সুখৰ খবৰ এয়েই যে এইবেলি অসমৰ দৰ্শকসকলক বলিউডৰ নামী-দামী তাৰকাক প্রত্যক্ষভাৱে চোৱাৰ বাবে ব্যৱস্থা গ্রহণ কৰিব। পর্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি ১০ হেজাৰ লােকে পােনপটীয়াভাৱে কাৰ্যসূচী উপভােগ কৰিব পাৰিব। ইয়াৰ বাবে টিকটৰ ব্যৱস্থা কৰিব পর্যটন নিগমে।এই এৱার্ড অনুষ্ঠানটোৱে ৰাজ্যৰ পর্যটন ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াব বুলি তেওঁ আশা প্রকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close