অসমক্ৰীড়াঙ্গণবিশেষশীৰ্ষ

১৪ জানুৱাৰীত খেলো ইণ্ডিয়ালৈ বলিউড তাৰকা সুনীল ছেট্তী

গুৱাহাটীত অনুষ্ঠিত হৈ থকা খেলো ইণ্ডিয়াত ১৪ জানুৱাৰীত উপস্থিত হব বলিউড তাৰকা সুনীল ছেট্তী ।

তথ্য অনুসৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰা গুৱাহাটীৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব বলিউড তাৰকাগৰাকীয়ে। তেওঁৰ সৈতে আহিব কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুও। দুয়োগৰাকীয়ে পোনপ্ৰথমে ছাইৰ গুৱাহাটী ( নিউফিল্ড) কেন্দ্ৰটোলৈ আহি জুডো খেলুৱৈসহ ছাইৰ সতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে, এই উপলক্ষে ছাইৰ কেন্দ্ৰটোত ৰিজিজু একাদশ।আৰু খেলুৱৈ একাদশৰ মাজত এখন প্ৰীতি ফুটবল অনুষ্ঠিত হব। যত বলিউডৰ অভিনেতাগৰাকীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close