আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিশেষশীৰ্ষ

১২৬ কোটি টকীয়া গােলাপ

এপাহ গােলাপৰ মূল্য কিমান বুলি সােধাৰ লগে লগেই হয়তাে সকলােৱে টপৰাই উত্তৰ দিব ১০-২০ টকা। কিন্তু আজি আমি এটি বিশেষ গােলাপৰ কথা ক’বলৈ ওলাইছোঁ। যাৰ মূল্য শুনি হয়তাে আপােনালােকৰ চকু কপালত উঠিব। এই বিশেষ গােলাপবিধৰ নাম হ’ল জুলিয়েট ৰজ। আৰু এই গােলাপ এটিৰ মূল্য প্রায় ১৫.৮ মিলিয়ন মার্কিন ডলাৰ।যাৰ ভাৰতীয় মূল্য প্রায় ১২৬ কোটি টকা। শেহতীয়া তথ্য অনুসৰি পৃথিৱীৰ অমূল্য ফুলসমূহৰ ভিতৰত কাদুফুল অন্যতম। কিন্তু ইয়াৰ মূল্য নির্ধাৰণযােগ্য নহয়। পৃথিৱীৰ আটাইতকৈ অমূল্য ফুলৰ তালিকাত দ্বিতীয় স্থানত আছে জুলিয়েট ৰজ। এই ফুলবিধ সাধাৰণ গােলাপ ফুলতকৈ কিছু পৃথক। আকাৰ তথা প্ৰকৃতিৰ তৰফৰ পৰাও ই যথেষ্ট ব্যতিক্রম। ব্রিটিছ দেশৰ এই গােলাপবিধ চাৰ্ছি ডেভিড অষ্টিনহে পােৱা যায়।আৰু এই গােলাপবিধ সৃষ্টি কৰিবলৈ ১৫ বছৰ সময়ৰ প্রয়ােজন হয়। পােনপ্ৰথমবাৰৰ বাবে ২০০৬ চনত ব্রিটেইনৰ চেলচি ফ্লাৱাৰ শ্বত এই ফুলবিধ প্রদর্শন কৰা হৈছিল। প্রথমবাৰৰ এই প্রদর্শনীতেই এই ফুলবিধে সমগ্র বিশ্ববাসীৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছিল। সাধাৰণ গােলাপতকৈ ইয়াৰ আকৃতি যথেষ্ট বৃহৎ হােৱাৰ বাবেই এই জুলিয়েট ৰ’জে সমগ্র বিশ্বতে চর্চিত হােৱা দেখিবলৈ পােৱা গৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close