অসমচিন্তাজগতভাল খবৰশীৰ্ষ

১০ মিনিটত নাকেৰে ছবি আঁকি উপহাৰ শিৰোমণিৰ

২ অক্টোবৰত চলন্ত বাইকৰ ওপৰত ছবি আঁকি ১৫০ কি:মি: পথ অতিক্ৰম কৰি লিমকা বুক অৱ ৰেকৰ্ডৰ প্ৰয়াস

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, ভাল খবৰ: এজন ব্যতিক্ৰমী প্ৰতিভাৰ যুৱক, নাম শিৰোমণি দলে। ঘৰ লখিমপুৰত। এইজন যুৱকে নাকেৰে ১০ মিনিটৰ ভিতৰত এখন সুন্দৰ পেইন্টিং (ছবি) আঁকি দেওবাৰে ঢকুৱাখনাত এক অনুষ্ঠানত টি.এম.পি.কেৰ কৰ্মকৰ্তাক উপহাৰ দি হাজাৰ হাজাৰ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।


ইতিপূৰ্বে নাকেৰে ছবি অঁকা অসমৰ একমাত্ৰ চিত্ৰশিল্পীৰূপে কেইবাটাও ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড আৰু সন্মাৰ গৰাকী হোৱা শিৰোমণি দলে ২ অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাই ঢকুৱাখনাৰ পৰা জোনাইলৈ ১৫০ কি:মি:পথ চলন্ত বাইকৰ ওপৰত হেণ্ডেল নধৰাকৈ নাকেৰে শ্বহীদ কমলা মিৰিৰ ছবি আঁকি লিমকা বুক অৱ ৰেকৰ্ডত স্থান লাভৰ প্ৰচেষ্টা হাতত লৈছে।

এই কাৰ্যসূচীত শিৰোমণিক সহযোগিতা কৰিব টি,এম,পি,কে ৰ কেন্দ্ৰীয় কমিটি, ঢকুৱাখনা জিলা কমিটি অৰু ঢকুৱাখনা টাউন কমিটিয়ে। শিৰোমণিয়ে এই প্ৰচেষ্টাত সকলো ৰাইজৰে সহায় সহযোগিতা বিচাৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close