বিশেষশীৰ্ষস্বাস্থ্য

হৃদৰোগী সকলৰ বাবে কিছু স্বাস্থ্যসন্মত পাচলি

নিৰ্মল বৰা

আমি দৈনন্দিন গ্ৰহণ কৰি থকা শাক-পাচলি বোৰৰ ভিতৰতে ৰৈছে এনে কিছুমান পাচলি যাৰ নিয়মিত ব্যৱহাৰে হৃদৰোগত আক্ৰান্ত জনৰ বাবে হব পাৰে ফলপ্ৰসূ।আহকচোন জানি থঁও হাৰ্টৰ বাবে উপকাৰী পাচলি কেইবিধ…

বিলাহী: ইয়াত যথেষ্ট পৰিমাণে ভিটামিন এ,ভিটামিন চি ৰ লগতে বিটাকেৰটিন,লাইকপিন ও পটেচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় যিয়ে নেকি হাৰ্ট সুষ্ট কৰি ৰখাত সহায় কৰে ফলত হৃদৰোগ হোৱাৰ সম্ভৱনা কমি আহে।
লাও: লাও সেৱনে মানৱ দেহত অপকাৰী কলেষ্টেৰল বোৰ নোহোৱা কৰে আৰু দেহত লাগতিয়াল কলেষ্টেৰলৰ মাত্রা সামান্য কৰি ৰখে। দৈনিক এগিলাচ লাওৰ জোচ পান কৰিলে হাৰ্টত জমা হোৱা এনে অপকাৰী কলেষ্টেৰল বোৰ নোহোৱা হয়।ফলত হাৰ্ট সুষ্ট থাকে আৰু Coronary artery disease হোৱাৰ সম্ভৱনাও কমি যায়।
পিয়াঁজ: পিয়াঁজ কেচাই বা চালাডৰ ৰূপত সেৱন কৰাটো উপকাৰী। পিয়াঁজত থকা তত্ব বোৰে শৰীৰত ৰক্ত প্ৰবাহ সুন্দৰ কৰি ৰাখে। বিশেষকৈ যিসকলৰ হাৰ্ট দুৰ্বল,হঠাত ভয় খোৱা বা অন্য কিবা কাৰণত হাৰ্ট বিট বাঢ়ি যোৱা আদি অসুবিধা থাকিলে পিয়াঁজ সেৱন কৰিলে সুফল পোৱা যায়।
নহৰু: দৈনিক যেনেদৰেই হওক নহৰু সেৱন কৰিলেও কিন্তু শৰীৰৰ অন্যান্য অংগ সুষ্ট থকাৰ লগতে হাৰ্টকোও ইয়াত থকা তত্ববোৰে সবল কৰি ৰাখে।
গাজৰ: গাজৰক জোচ, চবজি বা চালাড যি ৰূপতে হওক নিয়মিয়াকৈ সেৱন কৰিলে গাজৰত পোৱা উপাদান বোৰে হাৰ্ট সুষ্ট কৰি ৰখাত সহায় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close