বিশেষশীৰ্ষসম্পাদকীয়সৃজনস্বাস্থ্য

হিডেন হাংগাৰঃ এক নীৰৱ ঘাতক

ডা° ইন্দুভূষণ শৰ্মা

মানৱ শৰীৰৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্ৰয়োজনীয় ভিটামিন বা খনিজ পদাৰ্থ ( যাক মাইক্ৰ’নিউট্ৰেন্ট বোলা হয় ) ৰ অভাৱত দেখা দিয়া সমস্যাটোৱে হৈছে হিডেন হাংগাৰ ৷ সহজ অৰ্থত ক’বলৈ গ’লে ই হৈছে “লুকাই থকা ভোক” ৷ অৰ্থাৎ যি ভোক আমি অনুভৱ কৰিব নোৱাৰো কিন্তু আমাৰ শৰীৰে ইয়াৰ প্ৰয়োজন সদায়ে অনুভৱ কৰে আৰু যিয়ে সময়ত ঘাটকৰ ৰূপ ধাৰণ কৰে ৷

উল্লেখযোগ্য যে এই মাইক্ৰ’নিউট্ৰেন্ট সমূহৰ অভাৱৰ বাবে সৃষ্টি হোৱা সমস্যাসমূহ লগে লগে দেহত পৰিলক্ষিত নহয় ,বহুদিন বা বছৰৰ মূৰতহে দেখা পোৱা যায় ৷ সেয়েহে ইয়াক নীৰৱ ঘাটক বুলিও অভিহিত কৰিব পাৰি ৷সমগ্ৰ বিশ্বত হিডেন হাংগাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হিচাপে পৰিগণিত হৈছে ৷ বিশ্ব স্বাস্হ্য সংস্হাৰ তথ্যমতে সমগ্ৰ বিশ্বৰ প্ৰায় দুই বিলিয়ন লোক ইয়াৰ চিকাৰ হৈছে ৷ শিশুৰ ক্ষেত্ৰত প্ৰতি তিনিটা শিশুৰ ভিতৰত এটা শিশুৰ এই সমস্যা দেখা যায়। ভ্ৰুন এটা মাতৃ গৰ্ভত থিতাপি লোৱাৰ পৰা দুবছৰলৈ ( অৰ্থ্যাৎ প্ৰথম ১০০০ দিন) শিশু এটাৰ বৃদ্ধি আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ সময় বুলি ধৰা হয়। এই সময়খিনিতে বিভিন্ন কাৰণত শিশুসকলৰ বাবে প্ৰয়োজনীয় পোষকতত্বৰ অভাৱৰ ফলত বৃদ্ধি আৰু বিকাশৰ গতি লেহেমীয়া হ’ব পাৰে আৰু ভৱিষ্যত জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৷ দেখা যায় শিশু অৱস্হাত পৰম্পৰাগত বা প্ৰধাণ খাদ্যতকৈ সংৰক্ষিত খাদ্যৰ প্ৰতি বেছি আকৰ্ষিত হয় ৷ এইবোৰে দেহত শক্তি প্ৰদান কৰে সঁচা কিন্তু প্ৰয়োজনীয় পোষক তত্ত্বৰ অভাৱ পূৰাৱ নোৱাৰে ৷ আনহাতে বহুতে অৰ্থনৈতিক কাৰণতো পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হ’বলগীয়া হয়গৈ। সেয়েহে এই ক্ষেত্ৰত শিশুৰ খাদ্যভ্যাস যথেষ্ট গুৰুত্বপূ্ৰ্ণ ৷

প্ৰয়োজনীয় পোষকতত্ব সমূহ কি বাৰু :

প্ৰধাণতঃ ভিটামিন এ,বি,চি, আয়’ডিন, আইৰণ, ফলিক এচিড, জিংক, কেলচিয়াম আদি হৈছে হিডেন হাংগাৰৰ চিকাৰ হোৱা ব্যক্তিৰ অভাৱ হোৱা পোষকতত্ব ৷ এইবোৰ অতি কম পৰিমাণে আমাৰ দেহৰ বাবে প্ৰয়োজন যদিও এইবোৰৰ অভাৱত দেহৰ বৃদ্ধি-বিকাশ বাধাগ্ৰস্ত হোৱাৰ উপৰিও অন্য কিছুমান ৰোগে দেখা দিব পাৰে ৷ যেনে ধৰক ভিটামিন এ ৰ অভাৱত কুকুৰীকণা,জেৰ’অপথেলমিয়া( ড্ৰাই আই),আয়’ডিনৰ অভাৱত গলগণ্ড ,হাইপ’থাইৰ’ডিজিম ,আইৰণ বা ফলিক এচিদ,ভিটামিন B12 অভাৱত এনিমিয়া বা ৰক্তল্পতা,জিংকৰ অভাৱত প্ৰতিৰোধক্ষমতা হ্ৰাস,কেলচিয়ামৰ অভাৱত দাঁত বা হাড়ৰ গঠনত বাধাগ্ৰস্ত হোৱা ইত্যাদি ৷

কিদৰে বাধা দিব পাৰি হিডেন হাংগাৰঃ

হিডেন হাংগাৰক প্ৰতিৰোধ কৰাটো খুব টান কাম নহয়। শৈশৱ অৱস্হাটো যিহেতু জীৱনৰ ভেটি ,সেয়েহে এই সময়খিনিতে কিছু ব্যৱস্হা গ্ৰহণ কৰি উক্ত সমস্যাক আমি বহুলাংশে বাধা দিব পাৰো ৷ কিন্তু এই ক্ষেত্ৰত অভিভাৱক সকলে কিছু আগভাগ লোৱাটো দৰকাৰ কাৰণ শিশুসকলৰ সুষম আহাৰৰ বিষয়ে বিশেষ কোনো ধাৰণা নাথাকে ৷ তলত তাৰে কিছুমান উপায় উল্লেখ কৰা হ’লঃ

১) গৰ্ভৱতী অৱস্হাৰে পৰা মাতৃ বা জন্মৰ পিছৰে পৰা শিশুৰ দৈনিক খাদ্যতালিকাত ভিন ভিন ধৰণৰ খাদ্য ৰাখিব লাগে ৷ প্ৰধাণ খাদ্য ভাত,ৰুটী ,দাইল ,মাছ,মাংস আদি মেক্ৰ’নিউট্ৰেন্ট থকা খাদ্যৰ লগতে মাইক্ৰ’নিউট্ৰেন্ট খাদ্য যেনে গাখীৰ বা গাখীৰৰ উৎপাদিত খাদ্য ,সেউজীয়া শাকপাছলি,ফলমূল আদি খুৱাব লাগে ৷

২) স্বাভাৱিকতে শিশুৱে শাক পাছলি,ফলমূল আদি খাবলৈ অনীহা প্ৰকাশ কৰে ৷ তেনে পৰিপ্ৰেক্ষিতত প্ৰধাণ খাদ্যৰ লগত শিশুৱে গম নোপোৱাকৈ মাইক্ৰ’নিউট্ৰেন্ট থকা খাদ্য সন্নিবিষ্ট কৰিব লাগে ৷ যেনে খিচিৰি ,ক্ষীৰ আদি ৷ ইয়াৰ উপৰিও ফৰ্টিফাইদ ফুড যেনে আায়’ডিন যুক্ত নিমখ ,ভিটামিন এ যুক্ত তেল ব্যাৱহাৰ পৰিব পাৰি ৷

৩)প্ৰয়োজন অনুসৰি অতিৰিক্ত ভিটামিন বা খনিজ দ্ৰব্য সন্নিৱিষ্ট চাপ্লিমেন্ট চিকিৎসকৰ লগত আলোচনা কৰি খুৱাব লাগে ৷

৪) পেকেট ৰ সংৰক্ষিত খাদ্য যেনে চিপছ,কুৰকুৰে,নডুলছ ,জাংক ফুড বা ফাষ্ট ফুড আদি খুৱোৱা অভ্যাস এৰাব লাগে ৷ এইবোৰত নিমখ,চেনী,ট্ৰেন্সফেট যথেষ্ট পৰিমানে থাকে বাবে শিশুৰ বাবে ক্ষতিকাৰক ৷

৫) সৰুৰে পৰা শিশুসকলক চাফ চিকুনতাৰ বিষয়ে সচেতন কৰা দৰকাৰ
বিশেষকৈ পেলু বা বীজাণু সংক্ৰমণ ৰোধ কৰিবলৈ ই অত্যন্ত জৰুৰী ৷ আনহাতে ফল মূল বা শাকপাছলি আদি সদায় ভালদৰে ঢুই লৈহে খাব বা ৰান্ধিব লাগে ৷

৬) জন্মৰে পৰা ছমাহলৈ শিশুসকলক মাতৃদুগ্ধপান কৰাব লাগে ৷ প্ৰয়োজন অনুসৰি অন্য পৰিপূৰক খাদ্যৰ লগতে দুবছৰ বা সম্ভৱ হ’লে তাতোকৈ বেছি দিনলৈ মাতৃদুগ্ধ খুৱাব পাৰিলে ভাল ৷ অন্যহাতে শিশু অৱস্হাৰ পৰাই শিশুসকলক ছিটাকৰণ কৰা দৰকাৰ ৷

৭) ৰাষ্ট্ৰীয় বিভিন্ন আঁচনিৰ জড়িয়তে বিভিন্ন দৰৱ ( বা মাইক্ৰ’নিউট্ৰেন্ট ) সমূহ শিশু বা কিশোৰ কিশোৰী সকলক স্বাস্হ্যকেন্দ্ৰ,অংগনবাদী কেন্দ্ৰ,স্কুল ত সময়ে সময়ে প্ৰয়োগ কৰা হয় ৷ উদাহৰণস্বৰূপেঃ পেলু নিৰ্মূলকৰণ কাৰ্য্যসূচী, আইৰণ আৰু ফলিক এচিড খুৱোৱা কাৰ্য্যসূচী, পাঁছ বছৰলৈ প্ৰতি ছমাহৰ মূৰে মূৰে ভিটামিন এ খুৱোৱা কাৰ্য্যসূচী আদিত সকলো শিশু ,কিশোৰ কিশোৰী,অভিভাৱকে সহযোগ কৰা উচিত ৷

৮) সুষম আহাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে আৰু কি কি খাদ্যত কি কি পুষ্টি পোৱা যায় সেই বিষয়ে অভিভাৱকসকলে কিছু জানিব লাগে বা শিশুসকলকো জনোৱা দৰকাৰ ৷ তলত তেনে কিছুমান খাদ্যৰ তালিকা উল্লেখ কৰা হ’ল ৷

ভিটামিন এ থকা খাদ্যঃ গাজৰ,পালেং শাক,বিলাহী,মিঠা আলু,অমিতা,আম আদি
ভিটামিন বিঃ মাছ,মাংস,কণী,গাখীৰ,পনীৰ
ভিটামিন চি ঃ আমলখি, কমলা,নেমুটেঙা,মধুৰীআম,আঙুৰ
আইৰণঃ কল,আলু,মধুৰীআম,সেজুৰ,কিশমিশ,এলমণ্ড ,চয়াবিন,মাছ ,মাংস
ফলিক এচিদঃ পালেং,মাহজাতীয় খাদ্য ( মটৰ,ৰাজমাহ),শুকান ফল ( বাদাম,কাজু,কিশমিশ,),মাছ ,মাংস,কণী,লিভাৰ
কেলছিয়ামঃ কিশমিশ,সেজুৰ, গাখীৰ বা গাখীৰৰ উৎপাদিত খাদ্য
আয়’ডিনঃ সাগৰীয় মাছ,নিমখ,ক’ড লিভাৰ অইল আৰু কিছু পৰিমাণে গাখীৰ,মাংস,দাইল,সেউজীয়া শাক ত পোৱা যায় ৷
জিংকঃ মাছ,মাংস,গাখীৰ

 

Related Articles

২ thoughts on “হিডেন হাংগাৰঃ এক নীৰৱ ঘাতক”

Leave a Reply

Your email address will not be published. Required fields are marked *

Close