অসমশীৰ্ষ

হিউমেনিটি কনচাৰ্নৰ মহানুভৱতাৰ নিদৰ্শন

মফিদুল হক ,বৰপেটা

সম্প্ৰতি এন আ ৰ চি’ৰ শুনানীলৈ যোৱাৰ পথত যাত্ৰীবাহী বাছক আলকাত্ৰা মিহলোৱা শিল ভৰ্ত্তি ডাম্পাৰ এখনে খুন্দিওৱাৰ ফলত আচম্বিক দুৰ্ঘটণাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱা লোকসকলে অাজিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ মৃত্যুৰ সৈতে যুঁজিি আছে। এই লোক লোকসকলক সকাঁহ দিয়াৰ উদ্দেশ্যি কালি (১০ আগষ্টত) তেওঁলোকৰ কাষত থিয় দিয়ে হিউমেনিটি কনচাৰ্ন নামৰ এটি স্বেচ্ছাসেৱী বেচৰকাৰী সংস্থাই। সম্প্ৰতি অগ্ৰণী সামাজিক অনুষ্ঠানটোৰ পাঁচজনীয়া এটি সজাঁতি দলে দুৰ্ঘটণাগ্ৰস্ত লোকসকলৰ মাজত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰমে বিস্কুট, অ আৰ এছ, চাবোন, ছাৰ্ফ, আপেল, ডালিম, কল আদি প্ৰদান কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এদিন অৰ্থাৎ দুৰ্ঘটণা সংঘটিত হৈ চিকিৎসালয়ত ভৰ্ত্তি হোৱাৰ পিচতেই তেওঁলোকক সংগঠণটোৱে অ আৰ এছ প্ৰদান কৰে। তদুপৰি স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সজাঁতি দলটোত থকা হাছিনা আহমেদ, তনজুমা আহমেদ, ছালমা বেগম, ৰপছেত আলী আৰু শ্বাহ আলম আদিয়ে দুৰ্ঘটণাগ্ৰস্ত লোকসকলৰ শাৰীৰিক সুস্থতা সন্দৰ্ভত বুজ লয় আৰু পূৰ্বৰ তুলনাত বহু পৰিমানে আৰোগ্যৰ পিনে ঢাপলি মেলাত সন্তুষ্টি অনুভৱ কৰি ইতিমধ্যে যিসকলে নিজ ঘৰলৈ উভতি গৈছে, সেই দুৰ্ঘটণাগ্ৰস্ত লোকৰ বাবেও উক্ত সামগ্ৰীসমূহ ঘৰলৈ পঠিয়াই দিয়ে বুলি হিউমেনিটি কনচাৰ্নৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিছে। সম্প্ৰতি স্বেচ্ছাসেৱী সংগঠণটোৱে দাঙি ধৰা এনে মহানুভৱতাৰ নিদৰ্শনৰ প্ৰতি সচেতন মহলে শলাগ লৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close