আন্ত-ৰাষ্ট্ৰীয়বিচিত্র জগতবিজ্ঞানবিশেষশীৰ্ষ

হাচিম’জি ছুপাৰ হিউমেন

আৱিস্কাৰ কৰা হৈছে প্রাণ সৃষ্টিৰ এটি অন্যতম অণুৰ।বৈজ্ঞানিকসকলে ইয়াৰ নাম ‘হাচিম’জি’ বুলি অভিহিত কৰিছে। ইয়াৰ পূর্বে এনে অণুৰ পৃথিৱীত সন্ধান পােৱা হােৱা নাই। নাছাৰ শেহতীয়া তথ্য অনুসৰি সদ্যহতে আৱিস্কৃত হােৱা অণুটোৱে এটি নতুন প্রাণীৰ সৃষ্টি কৰিব পাৰে বুলি দাবী কৰিছে। এই অণুৰ সাহায্য লৈয়ে সৃষ্টি কৰিব পাৰিব ছুপাৰ হিউমেন। আন্তর্জাতিক গৱেষকদলৰ নেতৃত্বত আছে ফ্লৰিডাৰ আলাচুয়ায় ফাউণ্ডেশ্যন ফৰ এপ্লাইড মলিকিউলাৰ এভিউলিছনৰ ষ্টিভেন বেন্নাৰ। বেন্নাৰৰ সমান্তৰালকৈ আছে ডি এন এ বিশেষজ্ঞ ভাৰতীয় অধ্যাপক কুমাৰ ৰংগনাথন। এই ছুপাৰ হিউমেনৰ ধাৰণা সম্পর্কে নাছাৰ বৈজ্ঞানিকসকলৰ অভিমত যে আমাৰ এই পৃথিৱী নাইবা ভিন্ন গ্রহতাে থাকিব পাৰে এই ছুপাৰ হিউমেন। হয়তাে পূর্বেও পৃথিৱীৰ ভিন্ন প্রান্তত আৱিস্কাৰ কৰা হৈছিল এই ছুপাৰ হিউমেন। আৰু এই ছুপাৰ হিউমেনেও ক্রমান্বয়ে অন্য গ্রহৰ প্রাণীসমূহক যথেষ্ট উন্নত কৰি তুলিছে। ডি এন এ বিশেষজ্ঞ ৰংগনাথনৰ মতে ডি এন এ শৰীৰ গঢ়ি তােলে প্রাণ সৃষ্টিৰ বৰ্ণমালাৰ চাৰিটা অক্ষৰৰ দ্বাৰা। সেইকেইটা হ’ল এ চি, জি টি। প্ৰাণৰ তাড়ণাত বর্ণমালাৰ সেই চাৰিটা অক্ষৰেই অৱশেষত পাঁচগুণ বাঢ়ি গৈ হৈ পৰে ২০৷ নিজৰ মাজতেই গঢ়ি তােলে বিশ ৰকমৰ এমাইনাে এচিড। কিন্তু এই ধাৰণা সলনি হ’বৰ হ’ল। ডি এন এ অণুৰ দৰে আৰু এটি অণুৰ অস্তিত্ব সম্ভৱ। ইয়াৰ উপৰি এনেকুৱা এটি অণুও আৱিস্কাৰ কৰা সম্ভৱ যত চাৰিটাৰ সলনি আঠটা উপাদান থাকিব৷ সেইবােৰ ক্ৰমে পি পি এছ আৰু জেড। ইয়াৰ মাজত দুটাকৈ অণুৰ নাম সােমাই আছে। এইসমূহ অণুক একেলগে কোৱা হয় হাচিমােজি। হাচিমানে আঠ আৰু মােজি মানে অক্ষৰ। উল্লেখ্য যে, পূর্বৰ সেই ধাৰণাৰ বাহিৰেও এই চাৰিটি অক্ষৰৰ বদলি আঠটি অক্ষৰৰ সমন্বয়তেই সৃষ্টি হয় এই নতুন ডি এন এ। যদিহে এই সম্ভৱ হৈ পৰে তেন্তে ইয়াত বিশৰকমৰ এমাইন’ এচিড তৈয়াৰৰ ফলত নতুন প্রাণীৰ সৃষ্টি সম্ভাৱনা প্রকট হৈ উঠিছে। আৰু যদিহে এই পৰীক্ষাই ইতিবাচক দিশৰ উন্মােচন ঘটায় তেন্তে মানুহতকৈয়াে উন্নত প্রাণী তথা জীৱৰ সৃষ্টিৰ সম্ভাৱনাই প্রকট হৈ উঠিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close