অসমভাল খবৰশিক্ষাশীৰ্ষ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰি ১০০ শতাংশ উত্তীৰ্ণ হাৰেৰে উজ্জ্বলি উঠিল বোৰ্কা-মনিয়েৰীৰ দেৱৰ্ষি বিদ্যাপীঠ

চাংসাৰিৰপৰা পঙ্কজ নাথ, ভাল খবৰ: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ অন্য বৰ্ষৰ তুলনাত ফলাফল কিছু উন্নত হোৱাৰ খবৰটোৱে অসমৰ শিক্ষাৰ দিশটোলৈ এক নতুন আশাৰ বতৰা লৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে ২৫ মে’ত হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ওলোৱাৰ লগে লগে কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰিৰ সমীপৱৰ্তী বোৰ্কা-মনিয়েৰীত অৱস্থিত দেৱৰ্ষি বিদ্যাপীঠ, কামৰূপত মহা হৰ্ষোল্লাসৰ পৰিৱেশে বিৰাজিত হৈ পৰিছিল।

চাংসাৰি, বোৰ্কাকে আদি কৰি এই বৃহত্তৰ অঞ্চলটোৰ ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান দেৱৰ্ষি বিদ্যাপীঠ, কামৰূপত এইবাৰ ২৩ গৰকী ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী ২৩ গৰাকীৰ ৮ গৰাকী ডিষ্টিংচন সহ , ১০ গৰাকী ষ্টাৰ সহ আৰু ৫ গৰাকীয়ে ৬২ শতাংশৰ ওপৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মুঠ ছাত্ৰ-ছাত্ৰীৰ ১০০ শতাংশ উত্তীৰ্ণৰ হাৰৰে উজ্জ্বলি উঠাত বিদ্যাপীঠখনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰীসকল লগতে সমগ্ৰ অঞ্চলটোতে আনন্দৰ বন্যা ব’বলৈ ধৰিছে।

প্ৰাপ্ত খবৰ মতে, ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪ গৰাকীয়ে সাধাৰণ গণিত বিষয়ত ১০০ নম্বৰ লাভ কৰি অন্য এক কৃতিত্ব লভিবলৈ সক্ষম হৈছে। সমগ্ৰ অঞ্চলটোতে বিদ্যাপীঠখনে অভূতপূৰ্ব সফলতা আজুৰি আনিবলৈ সক্ষম হোৱাত স্কুলখনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ইয়াৰ শিক্ষা ব্যৱস্থাক সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ লগতে এইবাৰ সফলতাৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকসকলে যথেষ্ট শলাগ লোৱাৰ উপৰিও সফলতাৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক শুভেচ্ছা জনাই তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে।

অধিক দেখুৱাওক

Leave a Reply

Your email address will not be published. Required fields are marked *

এইটো পঢ়িলেনে?

Close
Close